ASSAM TIMES POST
পশ্চিম কৰ্বিআংলং : নৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি অনুৰাগ তথা সুস্থ শৰীৰ গঢ় দিয়াৰ উদ্দেশ্যে ১৯৫৮ চনতে গঠন কৰা হৈছিল “কাৰ্বিআংলং ক্ৰীড়া সন্থা”।শেহতীয়াকৈ সস্থাটোয়ে পাৰ্বত্য জিলা কৰ্বিআংলং আৰু পশ্চিম কৰ্বিআংলং জিলা দুখনত ক্ৰীড়া ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ।
সেয়ে জিলা দুখনৰ বিভিন্ন সময়ত বিভিন্ন স্থানত অনুস্থিত কৰি আহিছে ফুটবল খেল । তাৰে অংশ হিচাপে চলিত বৰ্ষৰ ১২ নবেম্বৰৰ পৰা বৈঠালাংছ’ৰ চেৰদিহুন আক্লামত কৰ্বিআংলং ক্ৰীড়া সন্থাৰ উদ্যোগত “বৈঠালাংছ’ ক্ৰীড়া সন্থা”ৰ সহযোগত অনুস্থিত হৈছে স্বৰ্গীয় মনচিং তিচ’ সোঁৱৰনী “দ্বাদশ কাছা ক্লাৱ ফুটবল চেম্পিয়ন শ্বিপ” । দুয়োখন পাৰ্বত্য জিলা সামৰি মুঠ ১২ টা ফুটবল দলে অংশ গ্ৰহন কৰা উক্ত চেম্পিয়ন শ্বিপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হব ২০ নবেম্বৰত ।
তদুপলক্ষে আজি চেৰদিহুন আক্লামত কাৰ্বিআংলং ক্ৰীড়া সন্থাৰ উপ-সভাপতি তথা বৈঠালাংছ’ ক্ৰীড়া সস্থাৰ সভাপতি লিপচন বে’য়ে এক সংবাদমেল সম্বোধন কৰে । পাৰ্বত্য জিলা দুখন সামৰি অনুষ্ঠিত হোৱা চেম্পিয়ন শ্বিপ ৰ ২০ নৱেম্বৰ চূড়ান্ত খেলখনত মূখ্য অতিথি হিচাপে কাৰ্বিপৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলি ৰাম ৰংহাং,স্থানীয় বিধায়ক ডা: মানছিং ৰংপিৰ লগতে বহুকেইজন পৰিষদৰ সদস্য উপস্থিত থাকিব বুলি সংবাদমেলত বে’য়ে জানিবলৈ দিয়ে । লগতে সংবাদ মাধ্যমৰ জড়িয়তে সমূহ ক্ৰীড়া প্ৰেমী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ।













