ASSAM TIMES POST
পশ্চিম কৰ্বিআংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ ২০নং বৈঠালাংছ’ বিধনসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী ৰূপনছিং ৰংহাঙৰ দেহাৱসান ৷ দীৰ্ঘদিন ধৰি জটিল ৰুগত আক্ৰান্ত হৈ ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰী গৰাকী ৷ যোৱানিশা তেওঁ উক্ত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ।১৯৪৮ চনত ভকচ’ঙৰ হাৰ্লাকত জন্মগ্ৰহন কৰা ৰংহাঙে শিক্ষা জীৱনৰ পাতনি মেলিছিল চিলঙত ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিভাগৰ উদ্ভিদ বিজ্ঞানত প্ৰথম স্থান লাভ কৰি MSc ডিগ্ৰী কৰিছিল ।
কফীবৰ্ডত Laison Officer হিচাপেও নিযুক্তি লাভ কৰিছিল । ১৯৯৯ বৰ্ষত ৰাজনৈতিক জীৱনত ভৰি দি ২০০১ বৰ্ষত কংগ্ৰেছ দলৰ পৰা বৈঠালাংছ’ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে ৰংহাঙে । উক্ত বৰ্ষতে ৰংহাঙে বৈঠালাংছ’ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়।২০০৩ বৰ্ষত কংগ্ৰেছ চৰকাৰৰ ৰাজ্যিক শিক্ষা মন্ত্ৰীৰ পদো অলংকৃত কৰিছিল ।আজি ডিফুৰ পৰা ৰংহাঙৰ নশ্বৰ দেহ নিজৰ বাসগৃহৰ ভকচ’ঙলৈ অনা হয় ৷ কাইলৈ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ নশ্বৰ দেহ জনগোষ্ঠীটোৰ পৰম্পৰা অনুয়ায়ী শেষকৃত সম্পন্ন কৰা হ’ব ৷













