
ডিফুৰ গ্ৰন্থ প্ৰেমী আৰু সাহিত্যনুৰাগীসকলৰ বাবে সু খবৰ! কাৰবি আংলঙৰ সেউজীয়া পাহাৰৰ নৈসৰ্গিক মনোৰম পৰিৱেশৰ মাজত জিলাখনৰ সদৰ চহৰ ডিফু (Diphu)ত অনুষ্ঠিত অসম গ্ৰন্থমেলা (Assam Book Fair-2023) ২০২৩ ৷আজি বিয়লিৰ ভাগত ডিফুস্থিত আৱৰ্তভৱনত এক সংবাদমেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰে জিলা উপায়ুক্ত মধুমিতা

ভাগৱতীয়ে (Deputy Commissioner Madhumita Bhagwati)৷ সংবাদমেলত জিলা উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে, চলিত বৰ্ষৰ অহা ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখৰ পৰা ১২ তাৰিখলৈকে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ২০২৩ ৷
কাৰবি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশন পৰিষদ লগতে পুথি বিক্ৰেতা সন্থাৰ সহযোগত অনুষ্ঠিত কৰা হ’ব উক্ত গ্ৰন্থমেলাখন৷ গ্ৰন্থমেলাখনত অসমৰ বাহিৰৰ ১১ টা বিভিন্ন প্ৰতিষ্ঠানৰ লগতে বাংলাদেশৰ প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷
উপায়ুক্ত মধুমিতা ভাগৱতীয়ে জানিবলৈ দিয়া অনুসৰি অসম গ্ৰন্থমেলাৰ ডিফু ২০২৩ ৰ জৰিয়তে নৱীন- প্ৰৱীন লেখক-লেখিকাসকলে স্বৰচিত গ্ৰন্থ পুথি আদি উন্মোচন কৰাৰ সুযোগ পাব৷ উক্ত গ্ৰন্থমেলাৰ জৰিয়তে গ্ৰন্থ প্ৰেমীৰ উৎকৰ্ষ সাধন হোৱাৰ লগতে শৈক্ষিক আৰু সামাজিক দিশতো ইতিবাচক বাৰ্তা বহন কৰিব বুলি জানিবলৈ দিয়ে ৷
কাৰ্যসূচী অনুসৰি অহা ৬ ফেব্ৰুৱাৰীত গ্ৰন্থমেলা উদ্ধোধনী অনুষ্ঠান, ৭ ফেব্ৰুৱাৰীত কাৰবি ভাষাত আলোচনা চক্ৰ, সাংস্কৃতিক সন্ধিয়া, ৮ ফেব্ৰুৱাৰীত শিশুৰ অনুষ্ঠান, (শিশু দিন), সাংস্কৃত্ক সন্ধিয়া , ৯ ফেব্ৰুৱাৰীত বহু ভাষিক কবি সন্মিলন আৰু সন্ধিয়াৰ ভাগত সাংস্কৃতিক সন্ধিয়া ৷
১০ ফেব্ৰুৱাৰীত যুৱ লেখকৰ সমাৰোহ, সন্ধিয়া সাংস্কৃতিক সন্ধিয়া, ১১ ফেব্ৰুৱাৰীত লোক পৰম্পৰা চৰ্চা আৰু গ্ৰন্থ প্ৰণয়নৰ ওপৰত আলোচনা চক্ৰ, সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু ১২ ফেব্ৰুৱাৰীত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান আৰু সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান ৷আনহাতে গ্ৰন্থমেলাৰ প্ৰতিটো কাৰ্যসূচীৰ উন্মোচনী কাৰ্যসূচী বিভিন্ন বিশিষ্ট ব্যক্তিৰ দ্বাৰা কৰোৱা হব বুলি জানিব দিয়ে উপায়ুক্তগৰাকীয়ে ৷












