ASSAM TIMES POST
জয়ছিং টকবি, ডিফু : কাৰবি সকলৰ জাতীয় অনুষ্ঠান “কাৰবি লাম্মেত আমেই”ৰ আগন্তুক ২০২০-২০২২ বর্ষৰ বাবে কাৰবি লাম্মেত আমেইৰ একনিষ্ঠ সেৱক সিদ্ধিনাথ ৰংপিক সর্ব সন্মতিক্রমে নিৰ্বাচিত কৰা হৈছে। একেদৰে উপ সভাপতি পদত শুকুৰছিং ৰংপি আৰু কামছিং হাঞ্চেক নিৰ্বাচিত কৰা হয়। কালি ১৫ নবেম্বৰৰ দিনা ডিফুৰ ৰংথেআংস্থিত কাৰবি লাম্মেত আমেইৰ কেন্দ্ৰীয় কাৰ্যালয়ত কাৰবি লাম্মেত আমেইৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাধাৰণ সম্পাদক ছিং ক্রক মুখ্য নিৰ্বাচনী বিষয়াৰূপে লৈ অনুষ্ঠিত হোৱা নতুন সভাপতি আৰু দুগৰাকী উপ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয়। সভাপতি পদত কাৰবি লাম্মেত আমেইৰ একনিষ্ঠ সেৱক সিদ্ধিনাথ ৰংপিক সর্ব সন্মতিক্রমে নিৰ্বাচিত কৰা হয় । আৰু উপ সভাপতি পদত শুকুৰছিং ৰংপি আৰু কামছিং হাঞ্চেক নিৰ্বাচিত কৰা হয়।
কালি অনুষ্ঠিত হোৱা নিৰ্বাচনত কাৰবি লাম্মেত আমেইৰ নতুন সভাপতি, উপ সভাপতি নিৰ্বাচনত কাৰবি লাম্মেত আমেইৰ কেন্দ্ৰীয় সমিতিৰ ৫১ গৰাকী সদস্য সদস্যা, লংৰি আমেইৰ পৰা দুটা আৰু আৰ আমেই (শাখা) সমিতিৰ পৰা ২৩ টা শাখা সমিতিৰ সমুহৰ পৰা সভাপতি সম্পাদক সকলে ভোটদান প্রক্রিয়াত অংশ গ্ৰহণ কৰে।













