ASSAM TIMES POST
“জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই ভাষণ প্ৰসংগত সংবাদ দাতা সকলক জিলাখনৰ পৰ্যটন ক্ষেত্ৰখনক বিশ্ব দৰবাৰত দাঙি ধৰাৰ লগতে সাংবাদিক সকলক সমাজৰ ইতিবাচক বাতৰিবোৰ সদায় অগ্ৰাধিকাৰ দি সম্মূখত পৃষ্ঠাত স্থান দিয়াৰ লগতে নেতিবাচক তথা অপৰাধ মূলক বাতৰি সমূহৰ বাবে এটি সুকীয়া পৃষ্ঠাৰ ব্যৱস্থা কৰিব লাগে বুলি কয়”
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি সংবাদ প্ৰতিবেদন তাৎপৰ্য অনুধাৱন –এক যাত্ৰাক আলোচ়্য বিষয় হিচাপে লৈ কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি পালন কৰা হয় ৷ কাৰবি আংলং জিলা প্ৰেছ ক্লাবৰ উদ্যোগত লগতে জিলা তথ্য আৰু জন সংযোগ বিভাগৰ সহযোগত ডিফুৰ ফাৰ্মাৰ্ছ গ্ৰ’থ চেণ্টাৰত আজি দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে আজি পুৱাৰ ভাগত জিলা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি কিৰি ৰংহাঙে ৷শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উপ সঞ্চালক অবিনাশ বৰ্মণে ৷
গ্ৰ’থ চেণ্টাৰৰ সভা কক্ষত সভাপতি কিৰি ৰংহাঙৰ পৌৰুহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ইএম ৰূপছিং টেৰণ, জিলা উপায়ুক্ত মুকুল শইকীয়া, জাফাৰ ৰাজ্যিক সভাপতি তথা জিলা প্ৰেছ ক্লাৱৰ উপদেষ্টা লংছিং টেৰণ, কাৰবি আংলং সংবাদ জগতৰ বাট কটীয়া তথা সাংবাদিক পেঞ্চনাৰ নগেন বৰা, জিনফেডৰ অধ্যক্ষ জনি তিমুঙ আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উপ সঞ্চালক অবিনাশ বৰ্মণ উপস্থিত থাকে ৷
অতিথি চিনাকি পৰ্ব আগবঢ়ায় জিলা তথ্য আৰু জন সংযোগ বিষয়া উৎপল ডিমাছাই ৷ মুখ্য অতিথিৰ ভাষণত পৰিষদৰ ইএম ৰূপছিং টেৰণে ভাষণ প্ৰসংগত কয়যে, প্ৰচাৰ মাধ্যমৰ জৰিয়তে তথ্য সহকাৰে কাৰবি আংলং জিলাৰ ঐতিহ্য, ইতিহাস আৰু পৰ্যটনক জনমূখী কৰিব লাগে ৷ এইলৈ বিভিন্ন ধৰণে সজাগতাও গঢ়ি তুলিব লাগে ৷ জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই ভাষণ প্ৰসংগত সংবাদ দাতা সকলক জিলাখনৰ পৰ্যটন ক্ষেত্ৰখনক বিশ্ব দৰবাৰত দাঙি ধৰাৰ লগতে সাংবাদিক সকলক সমাজৰ ইতিবাচক বাতৰিবোৰ সদায় অগ্ৰাধিকাৰ দি সম্মূখত পৃষ্ঠাত স্থান দিয়াৰ লগতে নেতিবাচক তথা অপৰাধ মূলক বাতৰি সমূহৰ বাবে এটি সুকীয়া পৃষ্ঠাৰ ব্যৱস্থা কৰিব লাগে বুলি কয় ৷
সাংবাদিক পেঞ্চনাৰ তথা জ্যেষ্ট সাংবাদিক নগেন বৰাই সাংবাদিক সকলক উদ্দেশ্যি দিয়া ভাষণত কয়যে, সাংবাদিক সকলে সমাজৰ যিকোনো ঘটনা সত্যনিষ্ঠ আৰু নিৰ্ভিকতাৰে পোহৰলৈ আনি ৰাইজক সজাগ কৰিব লাগে, ব্যৱস্থা লোৱাটো সাংবাদিতৰ কাম নহয়, সত্যনিষ্ট সংবাদ পৰিবেশন কৰিবলৈ গৈ পিছ হুহুকিব নালাগে ৷ আনহাতে এচাম সাংবাদিকৰ তথ্যৰ ওপৰত আধাৰিত নোহোৱা সংবাদ পৰিবেশন কৰি সমাজক বিপথে পৰিচালিত কৰা বহু উদাহৰণ আছে বুলি কয় ৷ আনহাতে সমাজৰ বাবে মফচলীয়া সাংবাদিকৰ যথেষ্ট প্ৰয়োজন বুলিও উল্লেখ কৰে জ্যেষ্ট সাংবাদিক জনে ৷ ইয়াৰোপৰি জাফাৰ ৰাজ্যিক সভাপতি লংছিং টেৰণে নিজৰ উদ্দীপ্ত ভাষণত দেশ বা সমাজৰ বাবে সংবাদ দাতা সকলৰ ভূমিকা আৰু কৰ্তব্য সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায় ৷ সংবাদ পৰিবেশনৰ পূৰ্বে প্ৰকৃত তথ্য সংগ্ৰহ কৰি সত্যনিষ্ট বাতৰি পৰিবেশন কৰিবলৈ আহ্বান জনায় ৷ সভাৰ শেষত জিলা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ডেনিয়লছন বে’ৰ তদাৰকত জিলা তথ্য আৰু জন সংযোগ বিভাগে সাংবাদিক সকলৰ মাজত সাংবাদিক সকলৰ ৰিকগনিছন পৰিচয় পত্ৰ বিতৰণ কৰে ৷৷













