ASSAM TIMES POST
ডিফু : কাৰবি আংলঙত বিশেষ টেট অনুষ্ঠিত কৰাৰ বাবে কাৰবি আংলঙ স্বায়ত্ত শাসিত পৰিষদ, কেএছএ আৰু কেএছৱাইচিৰ এক সঁজাতি দলে আজি গুৱাহাটীত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী সিদ্বাৰ্থ ভট্টাচাৰ্যক সাক্ষাৎ কৰে ৷ সাক্ষাত কালত কাৰবি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত সাংসদ হৰেণছিং বে’, ইএম অমৰছিং তিছ’, কেএছএৰ সভাপতি বিজয় বে’ কেএছৱাইচিৰ সভাপতি প্ৰকাশ তেৰাঙ ,এমএচি ৰিচাৰ্ড টকবী, মাধূৰ্য ঢেকিয়াল ফুকন আৰু পৱন কুমাৰে শিক্ষামন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি একাধিক আলোচনাৰ অন্তত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্ই কাৰবি আংলঙত বিশেষ টেট অনুষ্ঠিত কৰাৰ বাবে শীঘ্ৰে তাৰিখ নিৰ্দ্ধাৰণ কৰা হব বুলি আশ্বাস প্ৰদান কৰে ৷