ASSAM TIMES POST
গুৱাহাটী : চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে অন্তভূক্ত কৰাৰ চেষ্টা চলাব ৰাজ্য চৰকাৰে৷ আগন্তুক অসম বিধান সভাৰ শীতকালীন অধিবেশনত এই বিষয়টো আলোচনা কৰা হ’ব৷ এই সন্দৰ্ভত মন্তব্য কৰিছে অসম চৰকাৰৰ কাৰ্যকৰী সভাৰ অধ্যক্ষ ড° দয়ানন্দ বৰগোঁহায়ে৷ উল্লেখ্য যে অলপতে চৰাইদেউ মৈদামৰ জৰীপ কাৰ্য পৰ্যবেক্ষনৰ বাবে আহিছিল অধ্যক্ষগৰাকী৷ অসম চৰকাৰৰ সাধাৰণ সভাৰ অধ্যক্ষ হিচাপে চৰাইদেউ মৈদামসমূহ বিশ্ব ঐতিহ্যত অৰ্ন্তভুক্ত কৰিবলৈ চৰাইদেউ মৈদাম তথা আহোমৰ প্ৰথম ৰাজধানী স্থাপন কৰিবলৈ আগ্ৰহী বুলি বক্তব্য কৰে ৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বলিষ্ঠ পদক্ষেপৰ ফলস্বৰূপে মৈদাম অঞ্চলসমূহত জৰীপ কাৰ্য সম্ভৱ হৈছে বুলি ড° দয়ানন্দ বৰগোঁহায়ে ব্যক্ত কৰে৷ আনহাতে জৰীপ কাৰ্য পৰ্যবেক্ষণ কৰি ড° দয়ানন্দ গোঁহায়ে জিলা প্ৰশাসনক জৰীপ চলোৱা ঠাইবোৰত লোহা বা পকীখুঁটা স্থাপনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে ড° দয়ানন্দ বৰগোঁহায়ে জৰীপ কাৰ্য চলোৱাৰ সময়ত স্থানীয় ৰাইজক ভীতিগ্ৰস্ত নহ’বলৈ অনুৰোধ জনায় ৷ এই জৰীপ উচ্ছেদৰ বাবে নহয় বুলি ড° দয়ানন্দ বৰগোঁহায়ে উল্লেখ কৰে৷ লগতে ঐতিহাসিক সমলসমূহ ৰক্ষনাবেশন তথা এখন পূৰ্ণাংগ মেপ তৈয়াৰ কৰিবলৈহে জৰীপ কৰা বুলি ড° দয়ানন্দ বৰগোহাঞিয়ে মত প্ৰকাশ কৰে।