ASSAM TIMES POST
ডিফুঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ অঃ জাঃ যুঃ ছাঃ পৰিষদে ডিফু ছেমছনছিং মেম’ৰিয়েল পাৰ্কৰ সম্মূখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷
অঃজাঃযুঃছাঃ পৰিষদৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনৰ নেতৃত্বত অলেখ সংথ্যক সদস্যই ধৰ্ণাত অংশ গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদ কাৰী সকলে নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ , বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দালালগিৰি বন্ধ কৰক, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰক, জাতিধ্বংসী সিদ্বান্ত বাতিল কৰক, আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷
প্ৰতিবাদৰ নেতৃত্ব প্ৰদান কৰা অঃজাঃযুঃছাঃ পৰিষদৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে অসম চৰকাৰক এই সন্দৰ্ভত নিজাববীয়া স্থিতি গ্ৰহণ কৰাৰ লগতে উত্তৰ – পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীৰ স্থিতিক আৰ্হি হিচাপে লবলৈ মুখ্য মন্ত্ৰীক আহ্বান জনায় ৷