ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতীয়ে ৰে’লৱেয়ে শুকুৰবাৰে ৰাজধানী, শতাব্দী আৰু দুৰন্ত এক্সপ্ৰেছৰ খাদ্য আৰু চাহৰ মূল্য বৃদ্ধি কৰে। ২০২০ চনৰ জানুৱাৰীৰপৰা এই বৰ্ধিত মূল্য প্ৰযোজ্য হ’ব।
খাদ্য প্ৰস্তুতত ব্যৱহৃত কেঁচা মালৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিততে এইকেইখন ট্ৰেইনৰ খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা হৈছে বুলি ভাৰতীয় ৰেলৱেয়ে এক বিবৃতিত কয়। সেই অনুসৰি, পূৰ্বে ১০ টকাত লাভ কৰা একাপ চাহৰ মূল্য হ’ব ক্ৰমে ২০ টকা (ছেকেণ্ড এচি ক্লাছ) আৰু ১৫ টকা (শ্লীপাৰ ক্লাছ)।
পূৰ্বে ৭৫ টকাত লাভ কৰা স্নেকছৰ বৰ্ধিত মূল্য হ’ব ১০৫ টকা, ১২৫ টকীয়া লাঞ্চ আৰু ডিনাৰৰ মূল্য হ’ব ১৮৫ টকা। এই ৩ খন ট্ৰেইনৰ ফাৰ্ষ্ট এচি আৰু এক্সিকিউটিভ ক্লাছৰ যাত্ৰীসকলে পূৰ্বে ২৯ টকাত একাপ চাহ লাভ কৰিছিল যদিও অনাগত সময়ত ইয়াৰ বাবদ দিব লাগিব ৩৫ টকা। পূৰ্বৰ ৯০ টকীয়া ব্ৰেকফাষ্টৰ বৰ্ধিত মূল্য হ’ব ১৪০ টকা। লাঞ্চ আৰু ডিনাৰৰ বৰ্ধিত মূল্য হ’ব ২৪৫ টকা। ইয়াত সন্ধিয়াৰ চাহৰ বৰ্ধিত মূল্য হ’ব ১৪০ টকা।












