ASSAM TIMES POST
বুম লা পাছঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে অৰুণাচল প্ৰদেশস্থিত ভাৰত-চীন সীমান্তৱৰ্তী টাৱাঙৰ সমীপৱৰ্তী বুম লা পাছৰ ফৰৱাৰ্ড প’ষ্ট পৰিদৰ্শন কৰি লাইন অফ এক্সুৱেল কন্ট্ৰ’ল (এলএচি)ৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লয়।
ইয়াতে তেওঁ ভাৰতীয় সেনাৰ বিষয়া আৰু জোৱানসকলৰে বাৰ্তালাপ কৰে। বাৰ্তালাপ কৰিয়েই সিঙে তেওঁলোকৰ সৈতে ‘ভাৰত মাতা কী জয়’ ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে।
উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অৰুণাচলত উপস্থিত হৈয়েই তেওঁ টাৱাঙত অনুষ্ঠিত মৈত্ৰী দিৱসত ভাগ লয়। ইয়াত গুৰুত্বপূৰ্ণ মন্তব্য কৰি সিঙে কয় যে চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বুলনি স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। এয়া বাস্তৱায়িত হোৱাৰে লগে লগে পূৰ্বোত্তৰৰ যুৱক-যুৱতীসকলৰ কাৰণে সংস্থাপনৰ বাট মুকলি হ’ব।












