ASSAM TIMES POST
খেৰণি : পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত আজি বান পীড়িতৰ মাজত আনুষ্ঠানিকভাৱে বান সহাৰ্যৰ চেক বিতৰণ কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। আয়োজিত চেক বিতৰণি অনুষ্ঠানত তথা সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং তিচ্ছ’, পৰিষদীয় সদস্য দৰছিং ৰংহাং, মনোনীত সদস্য চন্দ্ৰ বাহাদুৰ ছেত্ৰী, কাৰ্বি পৰিষদৰ বিভাগীয় বৰ্ড অধ্যক্ষ ক্ৰমে দিত্যলাল হাষ্ণু, বিদ্যাছিং টেৰণকে ধৰি বিজেপি নেতা কৰ্মীৰ লগতে কেবা শতাধিক বানাক্ৰান্ত পৰিয়ালৰ সদস্য উপস্থিত থাকে।
কাতিমহীয়া বানৰ সময়ছোৱাত পশ্চিম কাৰ্বি আংলঙত বানাক্ৰান্তৰ কাষ চাপি মন্ত্ৰী চুম ৰংহাং, কেশৱ মহন্ত, কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু পশ্চিম কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত ইছফাকুৰ ৰহমান উপস্থিত হৈ যি চৰকাৰী ৩৮০০ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছিল সেয়া আজি কাৰ্বি পৰিষদৰ সজাতি দলৰ উপস্থিতিত তুলিৰাম ৰংহাঙে চেক যোগে বিতৰণ কৰে আৰু এইয়াই হৈছে প্ৰথম বাৰৰবাবে বৃহত্তৰ টুমপ্ৰেঙ, তৰাডুবি, খান্দাজান আদি অঞ্চলৰ ৰাইজে লাভ কৰা অসম চৰকাৰৰ বান সাহাৰ্য বুলি মন্তব্য কৰে। কেৱল এইয়াই নহয়, বিধ্বস্ত বানৰ কৱলত থকাৰ সময়ত ৰংহাঙে চাউল, দালি, চেনী, তেল, খোৱাপানী আদিৰো সাহাৰ্য নিজাববীয়াকৈ প্ৰদান কৰিছে বুলি উল্লেখ কৰে।
সমান্তৰালকৈ বৃহত্তৰ টুমপ্ৰেঙ অঞ্চলৰ ১৩৫ গৰাকী হিতাধিকাৰীৰ মাজত আজি বিনামূলীয়া উজ্বলা যোজনাৰ ৰন্ধন গেছ বিতৰণ কৰে ৰংহাঙে। আনহাতে কাৰ্বি পৰিষদৰ অধীনৰ বিথু ৰেংথেমা সমষ্টিৰ বিজেপিৰ দলীয় কাম কাজ নিয়াৰিকৈ, সুকলমে আৰু শক্তিশালীৰূপে কৰাৰ বাবে সমষ্টিটোৰ অন্তর্গৰ প্ৰতিটো বিজেপি স্থানীয় কমিতিক একোটাকৈ মোবাইল ডিভাইছো বিতৰণ কৰে। সভাৰ ভাষণ প্ৰসংগত ৰংহাঙে কয় যে চৰকাৰ বিৰোধী দলে ৰাইজক একো দিব নোৱাৰে, আনকি এখন আচঁনিও দিব নোৱাৰে। গতিকে বিৰোধীৰ কথাত পতিয়ন নগৈ চৰকাৰ পৰিচালনা কৰা দলত থাকি সহায় সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনায় ৰংহাঙে। কাৰণ চৰকাৰেহে ৰাইজৰ সমস্যা দূৰ কৰে, উন্নয়ন সাধন কৰে, ৰাইজৰ দুখ দুৰ্গতি দূৰ কৰে বুলি মন্তব্য কৰে ৰংহাঙে।