ASSAM TIMES POST
গুৱাহাটী : সমগ্ৰ দেশৰ লগতে অসমতো আজি শিশু দিৱস উদ্যাপন কৰা হয়৷ ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে গুৱাহাটী মহানগৰীৰ বেলতলাৰ ৰাজহংস শিশু বিদ্যালয়ত ব্যতিক্ৰমী কাৰ্যসূচীৰে শিশু দিৱস পালন কৰে৷ তদুপলক্ষে পুৱা গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ নিম, কৃষ্ণচূড়া আদি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী সোণালী ভূঞাই এটা গছপুলি ৰোপণ কৰি এই কাৰ্যসূচী মুকলি কৰে৷
উল্লেখ্য যে এই গছপুলি ৰোপণ কাৰ্যসূচী আত্মসহায়ক গোট বীৰাংগনা-২ৰ উদ্যোগত আয়োজন কৰা হৈছিল৷ ইয়াত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু বীৰাংগনা ২ৰ সদস্য- সদস্যাসকলে অংশগ্ৰহণ কৰি৷ এই কাৰ্যসূচীৰ পাছত অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভণিতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সমবেত সংগীত পৰিবেশন কৰে৷ আনহাতে সাংস্কৃতিক কাৰ্যসূচীত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি বড়ো, কাৰ্বি আদি বিভিন্ন নৃত্য আদিৰে উপস্থিত সকলোকে আপ্লুত কৰে৷ ইপিনে, নেচনেল কনষ্ট্ৰাকশ্বন ক’ৰপ’ৰেচন লিমিটেডৰ উদ্যোগত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়৷ ইয়াতে প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্দ্ধনা জনায়৷