পাৰ্বত্য জিলা কাৰ্বি আংলঙ (Karbi Anglong)ৰ কিংবদন্তি ৰমণী কাজিৰ ৰংহাংপিৰ (Kazir Ronghangpi) নাম বিশ্ব দৰবাৰত স্থাপন কৰিবলৈ আজি ডিফু অৰ্বৰেটাম (Diphu Orboretum) আৰু ক্ৰাফট চেন্টাৰ (Craft Center)ত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙ (Tuliram Ronghang)ৰ অধ্যক্ষতাত এখনি সৰ্বদলীয় সভা অনুষ্ঠিত কৰা হয় ।
সভাত বিভিন্ন ৰাজনৈতিক অৰাজনৈতক দল সংগঠনৰ দীৰ্ঘ আলোচনাৰ অন্তত প্ৰতি বছৰে এদিনীয়াকৈ পালন কৰা কাজিৰ ৰংহাংপিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আগন্তুক বৰ্ষত দুদিনিয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা সন্দৰ্ভত ঐক্যমত প্ৰকাশ কৰে । বিশ্ববিখ্যাত কাজিৰঙা উদ্যানৰ কাজিৰঙা নামেৰে নামাকৰণ কৰা হৈছে ৷
সভাত সকলো সামাজিক, ৰাজনৈতিক আৰু দল সংগঠনে ইয়াৰ উপৰত উপযুক্ত গৱেষণা কৰিব লাগে আৰু সকলো প্ৰমাণ সংগ্ৰহ কৰিব লাগে মত প্ৰকাশ কৰে । বিশ্ব দৰবাৰত কিংবদন্তি ৰমণী কাজীৰ ৰংহাংপিৰ নাম প্ৰতিষ্ঠা কৰিবলৈ আজিৰ বৈঠকত অহা বছৰ দুদিনিয়া কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হব বুলি সাংবাদিকৰ সৈতে বাৰ্তালাপত মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।