কংগ্ৰেছক “মুছলমানসকলৰ বাবে সংৰক্ষণ” আৰু “সম্পদ কাঢ়ি লোৱা আৰু সংখ্যালঘুসকলক বিতৰণ” কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) এইবাৰ ৰাম মন্দিৰৰ বিষয়টো (Ram temple issue)ক লৈ কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ (Attack on Congress) চলায়। মধ্যপ্ৰদেশৰ (Madhya Pradesh) ধাৰ লোকসভা সমষ্টিত বিজেপিৰ এক ৰেলী সম্বোধন (BJP addresses a rally) কৰি তেওঁ কয়, “কংগ্ৰেছৰ লক্ষ্য হৈছে বাবৰি মছজিদৰ তলাটো খুলি আনি ৰাম মন্দিৰত ওলমাই দিয়া।’’
উল্লেখযোগ্য যে ১৯৮০ ৰ দশকত যেতিয়া ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী আছিল, উত্তৰ প্ৰদেশ চৰকাৰে অযোধ্যাৰ বাবৰি মছজিদৰ তলা খুলিছিল আৰু ফৈজাবাদ জিলা আদালতৰ আদেশ অনুসৰণ কৰি ৰামলালাৰ উপাসনাৰ ব্যৱস্থা কৰিছিল। ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই ঘটনাটোক পৰৱৰ্তী ৰাম মন্দিৰ আন্দোলনৰ বাবে ‘অনুঘটক’ হিচাপে গণ্য কৰে। আনকি ১৯৯২ চনত কৰসেৱকসকলৰ দ্বাৰা বাবৰি মছজিদ ধ্বংস কৰাৰ পাছতো আদালতৰ নিৰ্দেশত কেনভাচৰ অস্থায়ী গাঁথনিত ৰামলালাৰ উপাসনা অব্যাহত আছিল।
উচ্চতম ন্যায়ালয়ৰ পাঁচ জনীয়া সংবিধান বিচাৰপীঠে ৯ নৱেম্বৰ, ২০১৯ ত অযোধ্যা ভূমিত ৰায় দিয়াৰ পিছত বিতৰ্কিত স্থানত ৰাম মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। এই বছৰৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্দিৰটো উদ্বোধন কৰে। ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশৰ মতে, প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰৰ আৱেগ কঢ়িয়াই আনিবলৈ বাবৰি মছজিদ বিষয়টো আহ্বান কৰিছে।মধ্যপ্ৰদেশৰ উক্ত সভাত তেওঁ কয়, “কংগ্ৰেছে যাতে বাবৰি মছজিদৰ তলা আনি ৰাম মন্দিৰত ওলমাই দিব নোৱাৰে তাৰ বাবে বিজেপিয়ে ৪০০ খন আসন জিকিব লাগিব।’’
মোডীয়ে ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ৰায় বিপৰীত কৰি ৰাম মন্দিৰ বন্ধ কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। ৰাজীৱ গান্ধীৰ কাৰ্যকালত শ্বাহ বানো গোচৰৰ সন্দৰ্ভত তেওঁ কয়, “ৰাজীৱ গান্ধীয়ে শ্বাহ বানো গোচৰৰ ৰায় যিদৰে সলনি কৰিছিল, শ্বেহজাদাই ৰাম মন্দিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ও সলনি কৰিব বিচাৰে।”
উল্লেখযোগ্য যে ১৯৮৫ চনত শ্বাহ বানো গোচৰত উচ্চতম ন্যায়ালয়ে বিবাহবিচ্ছিন্ন মুছলমান মহিলাসকলক ৰক্ষণাবেক্ষণৰ অধিকাৰ দিছিল। কিন্তু ৰক্ষণশীল মুছলমান সমাজে সেই ৰায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিছত মুছলমানসকলৰ বাবে এটা পৃথক নতুন
অসামৰিক আইন অনা হৈছিল। তেতিয়াৰ পৰা বিজেপিয়ে মুছলমানসকলৰ বাবে পৃথক আইনৰ পৰিৱৰ্তে এক অভিন্ন নাগৰিক সংহিতাৰ ওকালতি কৰি আহিছে।