ASSAM TIMES POST
নতুন দিল্লীঃ ৰাফেল যুঁজাৰু বিমান ক্ৰয় সম্পৰ্কত তদন্ত বিচাৰি দাখিল কৰা এখন আৱেদন বৃহস্পতিবাৰে খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। উক্ত ৰায় প্ৰদান কৰি ন্যায়াধীশ এছকে কৌলে কয় যে ২০১৮ চনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা আৱেদনখনৰ কোনো ভিত্তি নাই। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএ চৰকাৰক কাৰ্যতঃ ক্লীন শ্বীট প্ৰদান কৰিলে। উল্লেখযোগ্য যে ৰাফেল ক্ৰয়ৰ চিবিআই তদন্ত বিচাৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহা, অৰুণ চৌৰী আৰু অধিবক্তা প্ৰশান্ত ভূষণে সৰ্বোচ্চ ন্যায়ালয়ত আৱেদন কৰিছিল। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ২০১৮ চনটো এই সম্পৰ্কীয় আৱেদনৰ ভিত্তিত নৰেন্দ্ৰ মোডী চৰকাৰক ক্লীন শ্বীট প্ৰদান কৰিছিল ছুপ্ৰিম ক’ৰ্টে।












