ASSAM TIMES POST
ডিফুঃ ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেন্স চমুকৈ ডিআৰআই আৰু মাঞ্জা আৰক্ষীৰ সহযোগত ১৮ কিলো ৫০০ গ্ৰাম ওজনৰ সোণসহ দুজন ব্যক্তিক আটক কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
কাৰবি আংলং জিলা এক আৰক্ষীৰ শীৰ্ষ সূত্ৰে জানিব পৰা মতে মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে AS 01 BS-3330 পঞ্জীয়ণ নম্বৰৰ এখন ইক’ স্পৰ্টছ বাহনেৰে গৈ থকা অৱস্থাত দুজন লোকক সোণৰ বিস্কুট সহ আটক কৰিবলৈ সক্ষম হয় ৷ ডিআৰআই এটি দলে মাঞ্জা আৰক্ষীৰ সহযোগত কালি বাহনখনৰ চেছিছৰ ভিতৰত কৌশলগত ভাবে লুকুৱাই অনা ১৮ কিল’ ৫০০ গ্ৰাম সোণ উদ্ধাৰ কৰাৰ লগতে ব্যক্তি দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
আটকাধীন লোক দুজন ক্ৰমে, মণিপুৰৰ থ’বেল জিলাৰ তাৰি মনচুৰ আৰু ইকবাল হুছেইন বুলি জানিব পৰা গৈছে ৷ উদ্ধাৰ হোৱা সোণ, ব্যৱহৃত বাহনখন জব্দ কৰি লোক দুজনক গুৱাহাটীৰ ডিআৰআই জিম্মাত নিয়া হয় বুলি জানিব পৰা গৈছে ৷ এই অভিযানত মাঞ্জা আৰক্ষীয়ে ডিআৰআই সহযোগ কৰা বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ ৷













