নাবালিকাক নিৰ্জন স্থানলৈ লৈ গৈ দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে চাৰি নাবালকৰ ওপৰত। ঘটনা সংঘটিত কৰি নাবালক চাৰিজন পলাই যোৱাৰ পিছত বিদ্যালয়ৰ প্ৰধান শিক্ষক গৈ তাত উপস্থিত হয়। ভুক্তভোগীয়ে ভাবিছিল যে প্ৰধান শিক্ষকজনে তেওঁক বচাবলৈ উক্ত স্থানলৈ গৈছিল।
কিন্তু দলবদ্ধ ধৰ্ষণৰ পিছত নাবালিকাগৰাকীক পুনৰ প্ৰধান শিক্ষকগৰাকীয়েও ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিহাৰৰ কৈমুল জিলাত সংঘটিত হৈছে এই জঘন্য ঘটনা। ঘটনা সন্দৰ্ভত যোৱা শনিবাৰে পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰে। শনিবাৰে ৫৫ বছৰীয়া প্ৰধান শিক্ষক আৰু এজন নাবালকক গ্ৰেপ্তাৰ কৰে। বাকী অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।
সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, শনিবাৰে সন্ধিয়া অষ্টম শ্ৰেণীৰ এজনী ছাত্ৰীগৰাকী ঘৰৰ পৰা ওলাই যায়। সেই সময়ত তেওঁক চাৰিজন নাবালকে বলপূৰ্বকভাৱে নিৰ্জন স্থানলৈ লৈ যায়। চাৰি নাবালকৰ ভিতৰত দুজন ছাত্ৰীগৰাকীৰ সহপাঠী আছিল। ইয়াৰ পিছত চাৰি নাবালকে ধৰ্ষণ কৰাৰ অভিযোগ। প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে উক্ত দৃশ্য চাই আছিল।
ব্যক্তিজনক দেখি নাবালককেইটাই নাবালিকাক এৰি উক্ত স্থানৰ পৰা পলাই যায়। ভুক্তভোগীয়ে ভাবিছিল যে শিক্ষকজনে হয়তো তেওঁক উদ্ধাৰ কৰিব। কিন্তু অভিযোগ অনুসৰি, তাৰ পিছত শিক্ষকগৰাকীয়েও তেওঁক ধৰ্ষণ কৰে। নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ পিছত শিক্ষকজনে তেওঁক ঘৰলৈ লৈ যায়।
নাবালকৰ কবলৰ পৰা তেওঁলোকৰ কন্যাক উদ্ধাৰ কৰা বুলি তেওঁ নাবালিকাৰ পৰিয়ালক জনায়। কিন্তু শিক্ষকজন যোৱাৰ পিছত নাবালিকাগৰাকীয়ে গোটেই ঘটনাটো পৰিয়ালক জনায়। ইয়াৰ পিছতে তেওঁৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপে। নাবালিকাক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁ সুস্থ বুলি জানিব পৰা গৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।