ASSAM TIMES POST
ডিফু : কাৰবি আংলঙৰ ৰাজনিতীত নতুনকৈ আত্মপ্ৰকাশ কৰা আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ্ছ কনফাৰেঞ্চ চমুকৈ এপিএইছএলচিৰ সভাপতি জে আই কাথাৰে দলৰ মাজত বিভাজনৰ কথা অস্বীকাৰ কৰিছে ৷ উল্লেখ যোগ্য যোৱাকালি দলটোৰ সাধাৰণ সম্পাদক জ’না তেৰাঙে দলৰ সভাপতি জে আই কাথাৰে দলৰ সৈতে সমন্বয় ৰক্ষা কৰি নচলা আৰু নিজৰ খেয়াল খুছি মতে দলৰ কাম কাজ চলোৱা বুলি অভিযোগ তুলি দলত বিভাজন নিশ্চিত বুলি দাবী কৰিছিল ৷
লগতে দলটোৰ বিদ্ৰুোহী নেতাগৰাকীয়ে নিজকে বিভাজিত দলটোৰ সাধাৰণ সম্পাদক , হেমাৰী ৰংপিক সভাপতি, দেউৰী তেৰাঙক বিত্ত সম্পাদক বুলি সংবাদমেলত দাবী কৰিছিল৷ আজি ডিফুৰ জিলা প্ৰেছ ক্লাবত আন এক সংবাদ মেলৰ আয়োজন কৰি দলৰ ভিতৰত এনে কোনো বিভাজনৰ কথা পোনচাটে অস্বীকাৰ কৰি জ’না তেৰাঙ দলৰ পৰা পলায়ণ কৰা বুলিহে কটাক্ষ কৰে ৷লগতে কালিৰ সংবাদ মেলত বিভাজিত দলটোৰ বিত্ত সম্পাদক আৰু কাৰ্যালয় সম্পাদৰ দায়িত্বত থকা বুলি জানিবলৈ দিয়া দুয়োজন নেতা আজিৰ সংবাদমেলত উপস্থিত থাকি এই সন্দৰ্ভত তেওলোক অৱগত নহয় বুলি কয় ৷ আনহাতে দলটোৰ বিদ্ৰোহী নেতা বিভিন্ন সময়ত দলটোৰ বিভিন্ন নেতাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি অহা বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে সভাপতি জন ইংতি কাথাৰে ৷













