ASSAM TIMES POST
ডিফুঃ আজি ডিফুত কলা-কৃষ্টি সংস্কৃতিৰ শিক্ষা গ্ৰহণৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিফু কলা কেন্দ্ৰৰ নিজাববীয়া অতিথিশালা খনৰ শুভ উদ্ধোধন কৰা হয় ৷ ২০১৫-১৬ বৰ্ষৰ বৰ্ষৰ আনটাইড আঁচনিৰ পূঁজীৰ ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত আটক ধুনীয়া আৰু আকৰ্ষণীয় অতিথি শালাটোৰ শুভ উদ্ধোধন কৰে তিনি পাৰ্বত্য জিলাৰ সাংসদ হৰেণছিং বে’ই ৷অতিথিশালাটো উদ্ধোধন কৰাৰ পিছত সাংসদ গৰাকীয়ে কলাকেন্দ্ৰৰ প্ৰতিটো শ্ৰেণী কক্ষত প্ৰৱেশ কৰি পৰ্দৰ্শন কৰে ৷

কলাকেন্দ্ৰৰ সম্পাদক দিলীপ কুমাৰ দাসৰ তদাৰকত আয়োজ্ত উদ্ধোধনী অনুষ্ঠানটি কলা কেন্দ্ৰৰ শিক্ষক- শিক্ষয়িত্ৰী বৃন্দ আৰু ছাত্ৰ-ছাত্ৰীৰ সমবেত কণ্ঠত উদ্ধোধনী সভাৰ শুভাৰম্ভ হয় ৷উদ্ধোধনী সময়ত প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেঙ, ইএম ৰতন টেৰণ, প্ৰাক্তন এমএচি ৰবিনচন ক্ৰ’ আৰু ডিফু সংবাদ জগতৰ বাটকটীয়া, সাংবাদিক পেঞ্চনাৰ নগেন বৰা উপস্থিত আছিল ৷

ইয়াৰ পিছতে কলাকেন্দ্ৰৰ সভাকক্ষত কলাকেন্দ্ৰৰ সভাপতি মুকুল চন্দ্ৰ বৰুৱাৰ পৌৰুহিত্যত অনুষ্ঠিত উদ্ধোধনী সভাত সাংসদ হৰেণ ছিং বে’ই বৰ্তমানলৈ ৮০০ ছাত্ৰ- ছাত্ৰীলৈ চলি থকা কলাকেন্দ্ৰৰ সফলতাত সন্তুষ্টি প্ৰকাশ কৰিছে, ইয়াৰোপৰি সাংসদ গৰাকীয়ে কলা কেন্দ্ৰৰ আন্ত:গাথনি আৰু বিভিন্ন উন্নয়ণ মূলক কামৰ বাবে সাংসদ পুঁজিৰ পৰা সহায় আগবঢ়োৱাৰ কথা উল্লেখ কৰে ৷













