ASSAM TIMES POST
ডিফুঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙতো শিখ ধৰ্মালম্বী সকলৰ ধৰ্মগুৰু গুৰু নানক দেৱৰ ৫৫০ তম প্ৰকাশ উৎসৱ জন্মজয়ন্তী উলহ মালহেৰে উদযাপন কৰা হয় ৷এইলৈ আজি ডিফুৰ গুৰুদ্বাৰ প্ৰাংগনত শতাধিক শিখ ধৰ্মালম্বীলোকে সমবেত হৈ গুকু নানকৰ নাম- সংকীৰ্তনত অংশ গ্ৰহণ কৰে বুলি কাৰবি সিঙ সভাৰ সভাপতি ৰাজবীৰ সিঙে জানিবলৈ দিয়ে ৷

যোৱা ৬ নৱেম্বৰৰ পৰা চলি থকা উৎসৱটিৰ আজি সামৰণি পৰ্বৰ কাৰ্য ক্ৰমণিকা অনুসৰি পুৱা ১০ বজাত পাথৰভোগৰ সমাপ্তি গুৱাহাটী, যোৰহাট আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা লগতে স্থানীয় মুনিহ – তিৰুতা আৰু কণ কণ শিশু সকলে ছৱদ কীৰ্তন পাঠ কৰে ৷ আজিৰ কাৰ্যসূচীত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণছিং বে’ই অংশ গ্ৰহণ কৰে ৷ ইয়াৰোপৰি সেনা আৰু চি আৰপি এফৰ জোৱান সকলো অংশ গ্ৰহণ কৰে ৷ সদৌ শেষত সদৌটিলৈ একেলগে লংগৰ সেৱা আগবঢ়োৱা হয় ৷













