ASSAM TIMES POST
ডিফু : পাহাৰীয়া সদৰ চহৰ ডিফুত কৰ্কট ৰোগ আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাৰ্থে আজি ডিফুত এক সভা অনুষ্ঠিত হৈ যায় ৷ আজি কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নতুন সচিবালয়ৰ সভা কক্ষত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এক সভা অনুষ্ঠিত কৰে ৷ সভাত টাটা ট্ৰাষ্টৰ চিইঅ’ তথা এভিএছএম, ভিএছএম,এমডি( অবিএছ এণ্ড জিৱাইএ) ডাইৰেক্টৰ জেনেৰেল হস্পিতাল ছাৰ্ভিছেছ(আৰ্মড ফৰ্চেছ) আৰু কল কমাণ্ডেণ্ট সঞ্জীৱ চোপ্ৰাৰ সৈতে টীম কাৰবি আংলঙে আলোচনাত মিলিত হয় ৷ আলোচনাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে সাংসদ হৰেণছিং বে’ পৰিষদৰ কেইবা গৰাকী ইএম আৰু এমএচি, সচিব স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অংশ গ্ৰহণ কৰে ৷ আলোচনা কালত কাৰবি আংলঙত কৰ্কট চিকিৎসা উন্নত কৰা উদ্দেশ্যে ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত ডিফু চিভিল হাস্পাতালত কেঞ্চাৰ কেয়াৰ চেণ্টাৰ স্থাপন সন্দৰ্ভত আলোচনা হয় ৷













