ছচিয়েল মিডিয়া (Social Media)ত আজিকালি সাধাৰণ মানুহে মনোৰঞ্জনৰ (Entertainment) বাবে বহুত সম্পদ পায় নিজৰ সময় কটাবলৈ। মনোৰঞ্জনৰ উপৰি এতিয়া ছচিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন বাতৰি বা তথ্য (News or information) লাভ কৰিব পৰা হৈছে। এইদৰে অতি সাধাৰণ মানুহৰ কিছুমান অতি মৰমলগা ভিডিঅ’ প্ৰায়ে ছচিয়েল মিডিয়াত ভাইৰেল (viral) হৈ পৰে। প্ৰতিজন ব্যক্তিৰ অনন্য প্ৰতিভা (Unique talent) দেখি আপ্লুত (Impressed) হয় নেটিজেনসকল (Netizens)।
সুবিধাৰ অভাৱত মানুহৰ সন্মুখলৈ আহিব নোৱাৰা, নিজৰ প্ৰতিভা দেখুৱাব নোৱাৰা বহু লোক আছে। কোনো আনুষ্ঠানিক শিক্ষা অবিহনে প্ৰতিভাশালী ব্যক্তি বহুত আছে। আমাৰ চাৰিওফালে এনে বহু প্ৰতিভা পৰি আছে। বৰ্তমান প্ৰায় সকলোৰে হাতত স্মাৰ্টফোন আছে আৰু প্ৰতিভা প্ৰকাশৰ সুযোগ বহু পৰিমাণে বৃদ্ধি পাইছে। মানুহে এতিয়া কাৰো সহায় অবিহনে নিজাববীয়াকৈ নিজকে প্ৰকাশ কৰিব পাৰে।
আজিকালি বহুতে ইণ্টাৰনেটৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰকাশ কৰি অতি কম সময়তে বৃহৎ সংখ্যক লোকৰ কাষ চাপি ভাইৰেল হৈ পৰে। শেহতীয়াকৈ এজন বৃদ্ধ ব্যক্তিয়ে হাৰমনিয়াম বজাই গান গোৱাৰ ভিডিঅ’ ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅʼটোত বৃদ্ধজনে এটা কোঠাৰ এখন টেবুলত ৰখা হাৰমনিয়াম বজাই বাংলা লোকগীত ‘তোমাৰ লাগিয়া পৰাণ কান্দে’ গাই থকা দেখা গৈছে।
এই বয়সতো তেওঁ হাৰমনিয়াম বজোৱা আৰু গীত নিখুঁত সুৰত পৰিবেশন কৰা ধৰণটো সঁচাকৈয়ে প্ৰশংসনীয়। তিনি বছৰ পূৰ্বে ‘ৰঙীন ফটোগ্ৰাফী’ নামৰ এটা ইউটিউব চেনেলৰ দ্বাৰা পোষ্ট কৰা এই ভিডিঅ’টো ইতিমধ্যে এক কোটি ১০ লাখৰো অধিক লোকে চাবলৈ সক্ষম হৈছে। এই বয়সতো বৃদ্ধজনৰ প্ৰতিভাৰ এই নিদৰ্শনে নেটিজেনসকলে তেওঁক প্ৰশংসাৰে ভৰাই তুলিছে।