সময়ৰ লগে লগে বৰ্তমানৰ প্ৰজন্ম প্ৰযুক্তিগতভাৱে অধিক উন্নত হৈছে। আৰু আধুনিক যুগত ইণ্টাৰনেটৰ (Internet) গুৰুত্ব আটাইতকৈ বেছি। আমি প্ৰতিদিনে নেটত নতুন নতুন ভিডিঅ’ চাওঁ। আজিকালি ৮ বছৰৰ পৰা ৮০ বছৰ বয়সলৈকে সকলোৰে হাতত এটা স্মাৰ্টফোন (smart phone) আছে। আৰু স্মাৰ্টফোন থকাৰ বাবে আমি এই সকলোবোৰ ভিডিঅ’ ইণ্টাৰনেটত চাব পাৰো।
শেহতীয়াকৈ এনে এক ভিডিঅ’ ছচিয়েল মিডিয়াত (social media) ভাইৰেল (viral) হৈ পৰিছে, যিয়ে নেটিজেনসকলক স্তম্ভিত কৰি তুলিছে।প্ৰতিদিনে বিভিন্ন ভিডিঅ’ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। কিন্তু শেহতীয়াকৈ নেটত তিনিটা বান্দৰৰ (monkey) পোৱালিৰ ভিডিঅ’ আপলোড হোৱাৰ লগে লগে নেটত আলোড়নৰ সৃষ্টি হৈছে।
ভাইৰেল হোৱা এটা ভিডিঅʼত এগৰাকী মহিলাই মানুহৰ সন্তানৰ দৰেই মাতৃসুলভ প্ৰেমেৰে তিনিটা বান্দৰৰ পোৱালিক ডাঙৰ-দীঘল কৰা দেখা গৈছে। কেৱল তেওঁ যত্ন লোৱাই নহয়, সেই তিনিটা বান্দৰৰ পোৱালিক পঢ়োৱাতো ব্যস্ত।
ভিডিঅʼটো ভালদৰে চালে দেখা যায় যে বান্দৰৰ পোৱালি তিনিটাৰ ভিতৰত দুটা মতা আৰু এটি মাইকী। মতা বান্দৰ দুটাই স্কুলৰ পেণ্ট-চাৰ্ট আৰু মাইকীজনীয়ে স্কাৰ্ট আৰু ব্লাউজ পিন্ধিছে। তিনিওটা বান্দৰে ফলি-পেঞ্চিল লৈ পঢ়ি আছে। আনকি মহিলাগৰাকীয়ে বান্দৰকেইটাক ডায়েপাৰ পিন্ধাই স্কুটিৰ পিছফালে বহুৱাই শিক্ষা কেন্দ্ৰলৈও লৈ যায়।
এই ভিডিঅ’টো ইউটিউবত ‘মলি বান্দৰ’ নামৰ এটা চেনেলে শ্বেয়াৰ কৰিছে। দীৰ্ঘদিন ধৰি মলি নামৰ মহিলাগৰাকীয়ে বান্দৰৰ পোৱালিৰে এটা পৰিয়াল ডাঙৰ-দীঘল কৰি আহিছে। তেওঁ অতি যত্নৰে বান্দৰৰ পোৱালিবোৰক ডাঙৰ-দীঘল কৰি আছে।
ইয়াৰ আগতে তেওঁৰ চেনেলটোৱে বিভিন্ন ধৰণৰ মিউজিক ভিডিঅ’ আপলোড কৰিছিল। কিন্তু এই ধেমেলীয়া ভিডিঅ’টো দেখি নেটিজেনসকল অতিশয় আনন্দিত হৈছে। চাৰি মাহ পূৰ্বে আপলোড কৰা এই ভিডিঅʼটোৰ বৰ্তমান ৫৮ লাখতকৈ অধিক দৰ্শক। এই আমোদজনক ভিডিঅ’টোৱে ছচিয়েল মিডিয়াত নিমিষতে সকলোৰে হৃদয় চুই গৈছে।