ASSAM TIMES POST
ডিফুঃ কাৰ্বি পাহাৰৰ অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী চুম ৰংহাঙৰ।পৰিদৰ্শন কৰি বুজ ল’লে সীমান্ত অাৰক্ষী চকী সমূহৰ অৱস্থা। সীমান্ত আৰক্ষী চকী সমূহৰ লগতে সীমান্ত পথ উন্নয়ন অাৰু মিছিবাইলাম এলেকাত এখন উপ আৰক্ষী চকী স্হাপনত গুৰুত্বাৰোপ। মন্ত্ৰী চুম ৰংহাঙৰ।
মুঠতে সীমান্ত উন্নয়নৰ বাবে এক বিস্তৃত আচঁনি মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰি ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা মন্ত্ৰী গৰাকীৰ ৷ শনিবাৰে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বন অাৰু গড়কাপ্তানি বিভাগৰ বিষয়া সকলক লৈ কাৰ্বি পাহাৰৰ অসম নাগালেণ্ড সীমান্তৰ পথ আৰু সীমান্ত চকী সমূহ পৰিৰ্দশন কৰে মন্ত্ৰী চুম ৰংহাঙে৷ অতিকে দুৰ্গম মিছিবাইলাম পৰ্যন্ত পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে ২০০৪ চনত এই মিছিবাইলামতে এন এছ চি এনৰ গুলীত নিহত হৈছিল কাৰ্যবাহী দণ্ডাধীশ দীপাংকৰ দাসৰ ৷ লক্ষ্যণীয় বিষয়টো হ’ল যে মিছিবাইলাম পৰিদৰ্শন কৰা এই গৰাকীয়ে হৈছে অসম চৰকাৰৰ প্ৰথম মন্ত্ৰী।