ASSAM TIMES POST
বোকাখাতঃ একোজন ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লয় একোখন সমাজৰ বৌদ্ধিক, সাংস্কৃতিক বুনিয়াদ। তেনে এগৰাকী ব্যক্তি বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক আৰু সভাপতি প্ৰয়াত বদন শৰ্মা। নিজৰ কাৰ্যকালত বোকাখাত পুৱতি সাহিত্য সভাৰ স্থায়ী পকী ভৱন নিৰ্মাণেৰে অনুষ্ঠানটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰি যোৱা অক্লান্ত কৰ্মী প্ৰয়াত বদন শৰ্মাৰ প্ৰচেষ্টাত বোকাখাত পুৱতি সাহিত্য সভাই দুবাৰকৈ অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শাখাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু পুৱতি সাহিত্য সভাৰ সোণালী জয়ন্তী অনুষ্ঠানো এইজনা ব্যক্তিৰ নেতৃত্বতে উলহ মালহেৰে অনুষ্ঠিত হৈছিল। এইগৰাকী নিষ্ঠাবান প্ৰাক্তন সভাপতি আৰু সম্পাদকৰ সোঁৱৰণত অনুষ্ঠানটোৱে অহা ১৭ নৱেম্বৰ, দেওবাৰে বোকাখাত পুৱতি সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ লৈছে বদন শৰ্মা সোঁৱৰণী আজীৱন সভ্যৰ অন্তৰংগ চ’ৰা অনুষ্ঠানৰ। শেৱালি ফুলাৰ বতৰত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’ব লগীয়া উক্ত অনুষ্ঠানত উপস্থিত থাকি গীত-মাত, অনুভৱেৰে অনুষ্ঠানটি জীপাল কৰি তুলিবলৈ বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই সদৌ ৰাইজলৈ সাদৰ আমন্ত্ৰণ জনাইছে।
এই উদ্দেশ্যে স্থিৰ কৰা কাৰ্যসূচীত উক্ত দিনা দুপৰীয়া ১২:২০ বজাত আছে স্মৃতি তৰ্পণ অনুষ্ঠান। প্ৰয়াত বদন শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰিব অভিনেতা ঋষভ শৰ্মাই, বন্তি প্ৰজ্বলন কৰিব মৰমী দেৱীয়ে, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি, প্ৰাক্তন সভাপতি সম্পাদক সকলে স্মৃতি তৰ্পণ কৰিব আৰু ইয়াৰ পিছতে আৰম্ভ হ’ব বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈৰ সভাপতিত্বত আজীৱন সভ্য সকলৰ গীত-মাত কবিতাৰ অনুভৱী আলাপ “প্ৰয়াত বদন শৰ্মা সোঁৱৰণী আজীৱন সভ্যৰ অন্তৰংগ চ’ৰা”। লগতে এটি সম্বৰ্দ্ধনা অনুষ্ঠানো কাৰ্যসূচীত সন্নিবিষ্ট আছে বুলি সম্পাদক গৰাকীয়ে জানিবলৈ দিছে।