ASSAM TIMES POST
দুলীয়াজান : অসম জাতীয় শিক্ষা সাংসদৰ আহ্বানত আৰু ডিব্ৰুগড় জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত দুলীয়াজানৰ টিপলিঙৰ সাহিত্যৰথী জাতীয় বিদ্যালয়ত অসম জাতীয় বিদ্যালয় সত্তাৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়৷ ডিব্ৰুগড় জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি অভিজিৎ সিংহই পতাকা উত্তোলন কৰি অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ কৰে৷ টেঙাখাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষ লক্ষীনাথ শৰ্মাই বন্তি প্ৰজ্বলন কৰি সভা উদ্বোধন কৰে৷ এই সভাত ডিব্ৰুগড় জিলাৰ ৩৪ খন জাতীয় বিদ্যালয়ৰ ৮০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানত অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধি, অসম জাতীয় শিক্ষা সাংসদৰ উপাধ্যক্ষ ৰবীন বৰ্মন, দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোকবিকাশ গগৈ, ড° সত্যকাম বৰঠাকুৰে অংশগ্ৰহণ কৰি মত ব্যক্ত কৰে৷