ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সৌন্দৰ্য্যৰ পৃথিৱীত জিলিকিল অসম জীয়ৰী মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ চূড়ান্ত প্ৰতিযোগিতাত দ্বিতীয়  ডিব্ৰুগড়ৰ কংকনা বৰুৱা:সকলোতে আনন্দৰ লহৰ

ASSAM TIMES POST by ASSAM TIMES POST
November 11, 2019
Reading Time: 1 min read
A A
0
সৌন্দৰ্য্যৰ পৃথিৱীত জিলিকিল অসম জীয়ৰী মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ চূড়ান্ত প্ৰতিযোগিতাত দ্বিতীয়  ডিব্ৰুগড়ৰ কংকনা বৰুৱা:সকলোতে আনন্দৰ লহৰ

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

বিভাস দুৱৰা,ডিব্ৰুগড়:গভীৰ বিশ্বাস,আত্মপ্ৰত্যয় আৰু মনৰ দৃঢ়তাই মানুহক উন্নতিৰ শীৰ্ষত আৰোহণ কৰাব পাৰে।আজি তাকেই প্ৰমানিত কৰিলে ডিব্ৰগড়ৰ জীয়ৰী কংকনা বৰুৱাই।ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দয প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰি দেশৰ সুনাম কৰাই নহয়,ৰাজ্যখনৰ লগতে ডিব্ৰুগড়লৈকো গৰিমা কঢ়িয়াই আনিবলৈ সক্ষম হয়।এগৰাকী অতি অমায়িক,নম্ৰ ডিব্ৰুগড়ৰ জীয়ৰী কংকনা বৰুৱাই আজি সকলো বাধাকো নেওচি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজ্বলাবলৈ সমৰ্থ হৈছে।

WhatsApp Image 2019 11 11 at 7.23.15 PM e1573485607331 | ASSAM TIMES POST

মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ মুকুটৰ দৌৰত দ্বিতীয় ৰাৰ্নাচ আপ খিতাপ দখল কৰাৰ লগতে মিচ আচাম ইণ্ডিয়া উপাধিৰে বিভূষিত হৈ অসম তথা ডিব্ৰুগড়ৰ তনয়াৰ এনে বৃহৎ সাফল্যই সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰাই চূড়ান্তভাৱে প্ৰতিদ্বন্দীতাৰ দৌৰত সফলতাৰে আগবাঢ়ি ৰাষ্ট্ৰীয় পৰ্যায়ত  ডিব্ৰুগড়ৰ জীয়ৰী কংকনা বৰুৱাই যোৱা ৯ নৱেম্বৰত ৰাজস্থানৰ পুষ্কৰ চহৰত অনুষ্ঠিত  ডেজ্ল মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৯ৰ ( Dazzle Miss India World 2019 )  চূড়ান্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি এই খিতাপ অৰ্জন কৰে।স্তনৰ কেঞ্চাৰ ৰোগৰ সজাগতাক উদেশ্যি আয়োজিত ২০১৯ বৰ্ষৰ এই ইভেন্টত ক্ৰমে মিছ ইণ্ডিয়া ৱৰ্ড, আৰু মিছেছ ইণ্ডিয়া দুটা ভাগত অনুষ্ঠিত হৈছিল।ইয়াৰে মিছ ইণ্ডিয়া ৱৰ্ল্ড ইভেন্টৰ প্ৰতিদ্বন্দীতাৰ বাবে নিৰ্বাচিত কংকনাৰ প্ৰয়োজনীয় আনুসংগিক আন গুণ সমূহৰ লগতে সৌন্দৰ্য্যৰ দিশটোও বিশেষ ভাৱে উল্লেখনীয়।ডিব্ৰুগড়ৰ চেইন্ট জেৰ্ভিয়াছ স্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্তত উৰ্ত্তীণ হৈ,ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগৰ পৰা কৃতকাৰ্য হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ‘সাংবাদিকতা আৰু গণ মাধ্যম’ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ইৰ্ষ্টান টুডে নামৰ এখন ইংৰাজী কাকতত উপ সম্পাদক ৰূপে কাৰ্যনিবাহ কৰাৰ পিছত গোলাঘাটৰ এটা নিউজ পৰ্টেলত কিছুদিন কাম কৰে।কিন্তু উচ্চাভিলাষী কংকনাই নিজৰ প্ৰতিভা বিকশিত কৰাৰ মানসৰে বহি:ৰাজ্য হায়দৰাবাদলৈ গমন কৰে।বৰ্তমানে হায়দৰাবাদৰ এটি বহুজাতিক কোম্পানীত ‘মানৱ সম্পদ বিষয়া’ হিচাপে কৰ্মৰত।ইফালে অসমক বিশ্ব দৰবাৰত উজ্বলাবলৈ প্ৰয়াস আৰম্ভ কৰা কংকনা ডিব্ৰুগড়ৰ বাণীপুৰ অঞ্চলৰ নিৱাসী তথা আকাশৱাণী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত গানণিক বিষয়া প্ৰণৱ বৰুৱা আৰু গৃহিনী মৃদুলা বৰুৱাৰ দ্বিতীয় সন্তান।

WhatsApp Image 2019 11 11 at 7.23.12 PM | ASSAM TIMES POST

ইফালে ৰাজস্থানত অনুষ্ঠিত হোৱা এই চূড়ান্ত প্ৰতিযোগিতাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা নিৰ্বাচিত চূড়ান্ত ২২ গৰাকী প্ৰতিযোগীৰ সৈতে প্ৰতিদ্বন্দীতাত নামিছিল কংকনাই।বৰ্তমানে হায়দৰাবাদত থকা কংকনাৰ সতে হোৱা এক টেলিফোনিক বাৰ্তাক কয় যে- “মই আজিলৈকে ৰেম্পত কেতিয়াও ভৰি দি পোৱা নাই।পাপাই এইবিলাক সমূলি ভাল নাপায় আৰু পাপাৰ বিৰুদ্ধে মই যাব নিবিছাৰো।এদিন নেটৰ জৰিয়তে এটা ইভেন্টৰ বাবে ভয়ে ভয়ে(ঘৰত গম পালে বহুত গালি পাৰিব,সেয়ে) চাৰি কপি মান ফটো পঠাইছিলো।মই চিলেক্ট হলো আৰু মোক নিদিষ্ট দিনত মাতি পঠোৱা হল।মোক বিভিন্ন বিষয়ৰ ওপৰত মৌখিক প্ৰশ্ন কৰা হৈছিল আৰু অতি অনাকাংশিতভাবেই মই নিৰ্বাচিত হলো।বহু পলকৈ হে এই কথা মই ঘৰত কৈছিলো।

ঘৰত সকলোৱে গম পোৱাৰ পিছত এদিন পাপাই গম পালে।বহুত খং কৰিছিল।শেষত সকলোৱে বুজালে আৰু বাতৰি কাকত,চেনেলত অহাৰ পিছত অনিশ্ছাস্বতেও পাপাই সমৰ্থন কৰিলে।আজি মই অত্যন্ত সুখী আৰু কৰি দেখুৱালো যে অসাধ্য একো নাই।মনৰ দৃঢ়তা থাকিলেই সকলো সম্ভব।ইয়াৰ বাবে মই সকলো অসমৱাসী ৰাইজ আৰু সংবাদ মাধ্যমক ধন্যবাদ জনাইছো।প্ৰতিযোগিতাৰ বাবে নিতৌ পুৱা এঘন্টা যোগাভ্যাস কৰি পুনৰ জিমলৈ যোৱাৰ পিছত কংকনা নিজ কৰ্মস্থলীলৈ ৰাওনা হয়।প্ৰতিযোগিতাৰ বাবে খাদ্যভাস বহু সলনি কৰাৰ,লগতে মানসিক প্ৰস্তুতিও অব্যাহত ৰাখিছিল।ইফালে এই ইভেন্টৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত কংকনাৰ হাতলৈ দুটামান বিজ্ঞাপনৰ বাবে সুযোগ অহাৰ লগতে দক্ষিনাত্যৰ চিনেমাত অভিনয়ৰ বাবে নিমন্ত্ৰনো লাভ কৰাৰ কথা কংকনাই আমাক অৱগত কৰে।অৱশ্যে এই ইভেন্টটো শেষ নোহোৱালৈ কোন ব্যৱসায়ীক অনুষ্ঠানত অংশগ্ৰহন কৰিব পৰা নাযাব বুলিও আমাৰ আগত সদৰি কৰে।ভবিষ্যতৰ দিনত অসমত থকা কৰ্কট ৰোগীসকলৰ বাবে বিশেষ কিবা এটা কৰাৰ অভিপ্ৰায় থকাৰ কথাও উল্লেখ কৰে কংকনাই।উল্লেখ যে পুষ্কৰত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ বিজয়ী মুকুট জিনিবলৈ সক্ষম হোৱা তথা খিতাপৰ গৰাকীয়ে পৰৱৰ্তী পৰ্যায়ত মিছ ইউনিভাৰ্চ, মিছ ৱৰ্ল্ড খিতাপৰ প্ৰতিদ্বন্দীতাৰ যোগ্যতা অৰ্জন কৰিব।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
ADVERTISEMENT
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
50
Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ
National-International

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

June 29, 2026
50
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত
National-International

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx