বিদ্যালয়ৰ সঞ্চালকৰ বিৰুদ্ধে এগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ Rapeৰ অভিযোগ। উত্তৰ প্ৰদেশৰ Uttar Pradesh গাজিয়াবাদত সংঘটিত হৈছে এই ঘটনা। সংবাদ সংস্থাৰ মতে, বিদ্যালয়খনৰ সঞ্চালকে পাঠদান শেষ হোৱাৰ পিছত এগৰাকী ছোৱালীক একাধিকবাৰ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, ছাত্ৰীগৰাকীয়ে যদি ধৰ্ষণৰ বিষয়ে কাৰোবাক কয় তেন্তে ইয়াৰ পৰিণতি ভয়াৱহ হʼব বুলি ভাবুকিও দিয়া হৈছিল।কিন্তু পিছত এই ঘটনাৰ কথা ছাত্ৰীগৰাকীয়ে নিজৰ মাতৃক জনায়। ইয়াৰ পিছতে বিদ্যালয়খনৰ সঞ্চালকজনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়।
শুকুৰবাৰে আৰক্ষীয়ে এই খবৰটো অৱগত কৰে। অভিযোগ দাখিল কৰাৰ পিছৰে পৰা পলাতক হৈ আছে বিদ্যালয়খনৰ সঞ্চালকগৰাকী। আৰক্ষীয়ে তেওঁক বিচাৰি আৰম্ভ কৰিছে তালাচী অভিযান।
উল্লেখ্য, উত্তৰ প্ৰদেশত বিগত সময়ত কেইবাবাৰো ধৰ্ষণৰ অভিযোগ পোহৰলৈ আহিছে। ৰাজ্যখনৰ শিশু-মহিলাৰ সুৰক্ষাক লৈ বিৰোধীয়ে বাৰে বাৰে যোগী আদিত্যনাথৰ Adityanath চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে। পুনৰ এই ধৰ্ষণৰ অভিযোগে ইয়াত এক নতুন মাত্ৰা যোগ কৰিলে।