![]()
হেমন্ত ঋতুতো বৰষুণৰ পৰা ৰেহাই নাই। তামিলনাডু আৰু পুডুচেৰীত ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাস। শুকুৰবাৰে তামিলনাডুৰ কেইবাখনো জিলাত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সম্ভাৱনা।
যাৰ বাবে তামিলনাডু চৰকাৰে ইতিমধ্যে বিদ্যালয়-মহাবিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, শুকুৰবাৰে চেন্নাই, তিৰুৱল্লুৰ, কল্লাকাৰুচি, ভেল্লোৰ, তিৰুপত্তুৰ, ৰানিপেট, তিৰুৱন্নমলাইৰ দৰে কেইবাখনো ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
ধুমুহাৰ লগে লগে হʼব বতাহ। যাৰ বাবে ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বেয়া বতৰৰ বাবে তামিলনাডুৰ কেইবাখনো জিলাত শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছে। গছ ভাঙি পৰা, শস্যৰ ক্ষতি হোৱাৰো আশংকা আছে।












