ASSAM TIMES POST
ডিফুঃ কাৰবি আংলঙত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰছ কনফাৰেঞ্চ চমুকৈ এপিএইছএলচিত ভাঙোনৰ সৃষ্টি হৈছে ৷
অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জন ইংতি কাথাৰৰ নেতৃত্বত চলিত বৰ্ষতে ১৯ জানুৱাৰীত গঠিত এপিএইছএলচি বছৰ নহওঁতে বিভাজনমুখী হোৱাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ নৱগঠিত দলটোৰ পৰা যোৱা লোক সভা নিৰ্বাচনত প্ৰতিদ্বন্ধিতা কৰা জে আই কাথাৰে দলীয় কৰ্মীৰ মাজত সমন্বয় গঢ়ি তোলাত ব্যস্ত হৈছে বুলি দলটোৰ সাধাৰণ সম্পাদক জ’না তেৰাঙে অভিযোগ তুলিছে ৷ জ’না তেৰাঙে দলটোৰ ভিতৰত চলি থকা আভ্যন্তৰীণ অন্তৰ্কন্দলৰ বিষয়ে সদৰি কৰে ৷

জ’না তেৰাঙে ইয়াকো অভিযোগ কৰে যে, সভাপতি সম্পূৰ্ণ নিজৰ খেয়াল – খুছী মতে বিভিন্ন ঠাইত সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে সাধাৰণ সম্পাদক তথা দলৰ অনান্য কৰ্মীৰ সৈতে সহযোগিতা আগ নবঢ়ায় ৷ সেয়ে দলটোত বিভাজন নিশ্ছিত হৈ পৰিছে বুলি উল্লেখ কৰে ৷ এপিএইছএলচি নৱ বিভাজিত দলটোৰ হেমাৰী ৰংপিক সভাপতি, জ’না তেৰাঙক সম্পাদক দ্বিপেন বে’ক মুখপাত্ৰ আৰু দেউৰী তেৰাঙক বিত্ত সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত উল্লেখ কৰে।












