ঐতিহাসিক অসম চুক্তিৰ এক উল্লেখনীয় কীৰ্তি হিচাপে স্থাপিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই আজি গৌৰৱময় ২৫ সংখ্যক বৰ্ষত ভৰি দিলে। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ সমাজৰ অধ্যক্ষ হিচাপে ৰাজ্যৰ সাংস্কৃতিক প্ৰসাৰৰ প্ৰাণকেন্দ্ৰ অনুষ্ঠানটোৰ ৰূপালী জয়ন্তী উদযাপনৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উদ্বোধনী ভাষণত তেওঁ অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে। লগতে কলাক্ষেত্ৰ প্ৰতিষ্ঠাত অন্যতম ভূমিকা গ্ৰহণ কৰা ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ অৱদানৰ কথাও তেওঁ স্মৰণ কৰে।আনহাতে, কলাক্ষেত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ তথা সৰ্বানন্দ সোনোৱালৰ অৰিহণাৰ কথাও শ্ৰদ্ধাৰে স্মৰণ কৰে।
আনহাতে, কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বড়া, অতুল বৰা, শ্ৰীমন্ত শংকৰদেৱ সমাজৰ উপাধ্যক্ষ জিতুল সোণোৱাল, সচিব সুদৰ্শন ঠাকুৰ, অসম চৰকাৰৰ সাংস্কৃতিক সচিব শ্রীলয়া মাদুৰী, প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, নৃত্যাচার্য যতীন গোস্বামী আৰু বিশিষ্ট শিল্পী ননী বৰপূজাৰীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল।