ASSAM TIMES POST
ডিফুঃ পৰম কৃপাময় নিৰকাৰ আল্লাহ আৰু তেওঁৰ প্ৰিয় নবী হজৰত মহম্মদ (দঃ) অতিকৈ প্ৰিয় কণ কণ শিশু সকলৰ কলেবৰৰ মাজত বৰ্ণিল কাৰ্যসূচীৰে ফাতেহা ই দোৱাজ দহম পালন কৰা হয় ৷ ইছলাম ধৰ্মালম্বী লোক সকলৰ বিশ্ব নবী হজৰত মহম্মদ (দঃ) পৱিত্ৰ জন্ম দিনটো ফাতেহা ই দোৱাজ দহম হিচাপে সমগ্ৰ বিশ্বই উদযাপন কৰাৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো ফাতেহা ই দোৱাজ ৯ আৰু নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৷

প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভণিৰ পূৰ্বে প্ৰতিযোগিতা সমূহৰ বিচাৰক মণ্ডলী আৰু অংশ গ্ৰহণ কৰা বিভিন্ন মোক্তাবৰ ইমাম সকলক উদযাপন সমিতিৰহৈ একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ ডিফু মছজিদ কমিটিৰ ফাতেহা ই দোৱাজ দহম উদযাপন সমিতিৰ হৈ উদযাপন কৰা কাৰ্যসূচীত পুৱাৰ ভাগত ডিফু মছজিদ সমিতিৰ ইমাম আলহাজ মৌলানা গিয়াছ উদ্দিন কাছিমীৰ সামূহিক মাঙ্গলিক দোৱাৰে কাৰ্যসূচী আৰম্ভ হয় ৷ কাৰ্য ক্ৰমণিকা অনুসৰি বিভিন্ন মোক্তাব আৰু ঘৰুৱা প্ৰশিক্ষিত ছাত্ৰ- ছাত্ৰীৰ মাজত কেৰাত পাঠ, জানাজা নামাজ, আজান, কোৰাণ পাঠ, মুৰ্দাৰ গোছল, গজল আৰু ইছলামিক কুইজ আকষ্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ৷

প্ৰতিযোগী সকলে নিজৰ অভিৰুচি অনুসৰি দক্ষ আৰু দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰি অভিভাৱক আুৰু বিচাৰক মণ্ডলীক আকৰ্ষিত কৰে ৷ ডিফু মছজিদৰ অধীনস্থ মাঞ্জা, বিৰলা, পানবাৰী, শান্তিপট্টী, হৰিলাল বস্তি, ৰংনিহান পথাৰ , ডিফু মোক্তাব আৰু ঘৰুৱা বাবে প্ৰশিক্ষিত প্ৰতিযোগী সকলে কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷ ৰেকিব উদ্দিন আহমেদৰ তদাৰকত চলা বিভিন্ন প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলীৰ আসন সমূহ অলংকৃত কৰে, হাফিজুৰ ৰহমান, আলহাজ গিয়াছ উদ্দিন কাছিমী, আজিজুৰ ৰহমান আৰু তালাহ চৌধুৰীয়ে ৷দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি ছাত্ৰ- ছাত্ৰীৰ মাজত জলপ্ৰদূষণ আৰু বায়ু প্ৰদূষণক বিষয় হিচাপে লৈ চিত্ৰাঙ্কণ প্ৰতিযোগিতা, মোবাইল সমাজৰ বাবে আশীৰ্বাদক বিষয় হিচাপে লৈ তৰ্ক প্ৰতিযোগিতা, হজৰত মহম্মদ (দঃ) ৰ জীৱনী, কোৰাণৰ দৃষ্টিভংগীত মানৱতা আৰু গোলকীয়া উঞ্চতাৰ ওপৰত ৰচনা প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷আজিৰ বিভিন্ন’ প্ৰতিযোগিতাৰ পিছত বঁটা বিতৰণী অনুষ্ঠানৰ সভাপতিত্ব কৰে ৷

বঁটা বিতৰণী সভাৰ উদ্দেশ্য বাখ্যা কৰে ছাবন আলীয়ে লগতে বঁটা বিতৰণী সভাখন তদাৰক কৰে নুৰুল ইছলামে ৷ডিফু মছজিদৰ সাধাৰণ সম্পাদক তথা ফাতেহা ই দোৱাজ দহম উদযাপন সমিতিৰ মুখ্য আহ্বায়ক মজাহাৰুল ইছলামে ৷ মুখ্য অতিথি হিচাপে থাকে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক শেখ আব্দুল মজিদ, সম্মানীয় অতিথি আলহাজ তাজ উদ্দিন আলী আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৌলানা মাহমুদ আলী ক্বাছিমী ৷ মুখ্য অতিথি ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধিবক্তা শেখ আব্দুল মজিদে মুখ্য অতিথিৰ ভাষণত হজৰত মহম্মদ (দঃ) ৰ অহিংসা আৰু মানৱদৰদী সমাজ ব্যৱস্থা আৰু নবীজীৰ আদৰ্শৰ সন্দৰ্ভত বাখ্যা কৰে ৷ বিশিষ্ট বক্তাৰ ভাষণত মৌলানা মাহমুদ আলী ক্বাছিমীয়ে তেওৰ উদ্দীপ্ত ভাষণেৰে হজৰত মহম্মদৰ জীৱনাদৰ্শৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰি উপস্থিত ভক্ত প্ৰাণ সকলক জ্ঞান ৰস প্ৰদান কৰে ৷












