![]()
কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ হাতত ধৰি পদযাত্ৰা কৰা এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছৰে পৰা বিতৰ্ক আৰম্ভ হৈছে। উল্লেখ্য, অভিনেত্ৰী পুনম কৌৰে তেলেংগানাৰ ‘ভাৰত জোৰো যাত্ৰাʼত ৰাহুলৰ সৈতে প্ৰচাৰ কৰিবলৈ ওলাইছিল।
সেই সময়তে ৰাহুলৰ হাতত ধৰি খোজকাঢ়ি যোৱাৰ ফটোখন পোহৰলৈ আহে। আৰু তাৰ লগে লগে আৰম্ভ হৈছে ৰাজনৈতিক বিতৰ্ক। কটুক্তিৰ বলি হʼবলগা হৈছে পুনম। আক্ৰমণত নামিছে বিজেপি।
অভিনেত্ৰীগৰাকীয়ে ছবিখনক লৈ কৰা সকলো ‘অশ্লীল’ মন্তব্যৰ উত্তৰ দিবলৈ মুখ খুলিছে। তেওঁৰ ভাষাত, “ছবিখনেৰে সস্তীয়া ৰাজনীতি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে নাৰী শক্তিৰ কথা কোৱাৰ পিছতো মোৰ এই ছবিখনক লৈ যি ধৰণৰ মন্তব্য কৰা হৈছে সেয়া অতি নিন্দনীয়।” ৰাহুলে কিয় হাতত ধৰিছিল সেই কথাও বুজাই দিলে পুনমে।
তেওঁ দাবী কৰে যে ৰাহুলৰ কাষত ‘ভাৰত জোৰো যাত্ৰাʼত খোজকাঢ়ি গৈ থাকোঁতে তেওঁ পথত পিছলি পৰিছিল। আৰু তেতিয়াই কংগ্ৰেছৰ সাংসদজনে তেওঁৰ হাতত ধৰিলে।
উল্লেখ্য, যেতিয়া ৰাহুলৰ সৈতে পুনমৰ হাতত হাত ধৰি থকা ছবিখন ওলায়, তেতিয়া বিজেপি নেত্ৰী প্ৰীতি গান্ধীয়ে টুইট কৰি কয় যে ৰাহুলে প্ৰপিতামহৰ পদাংক অনুসৰণ কৰিছে। আৰু এই টুইটৰ পিছতে আৰম্ভ হয় বিজেপি-কংগ্ৰেছৰ টুইট যুদ্ধ।
এই মন্তব্যক গৰিহণা দি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে প্ৰীতিক ‘অসুস্থ মানসিকতাʼৰ বুলি কটাক্ষ কৰে। পুনৰ কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাতে প্ৰীতিৰ ওপৰত টুইট কৰি কয়, “ৰাহুলে এই দেশক একত্ৰিত কৰিবলৈ নিজৰ প্ৰপিতামহকেই অনুসৰণ কৰিছে। আপোনাৰ মানসিক অৱস্থা ঠিক নহয়। আপোনাৰ এই মানসিকতাই দেশ, পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ বাবে অতি ক্ষতিকাৰক।”
উল্লেখ্য, হায়দৰাবাদত জন্মগ্ৰহণ কৰিছিল পুনমে। নেচনেল ইনষ্টিটিউট অব ফেশ্বন টেকনোলজিৰ পৰা ফেশ্বন ডিজাইনিং অধ্যয়ন কৰিছিল। পুনমে বহু তেলেগু ছবিত অভিনয় কৰিছে। তামিল আৰু কানাড়া ছবিতো অভিনয় কৰিছে তেওঁ।










