ASSAM TIMES POST
ডিফুঃ ইছলাম ধৰ্মালম্বী লোকসকলৰ বিশ্ব নবী হজৰত মহম্মদ (দঃ) পৱিত্ৰ জন্ম দিনটো ফাতেহা ই দোৱাজ দহম হিচাপে সমগ্ৰ বিশ্বই উদযাপন কৰাৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো ফাতেহা ই দোৱাজ দহমটি বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে৷
কাৰ্যসূচী আৰম্ভণিৰ পূৰ্বে প্ৰতিযোগিতা সমূহৰ বিচাৰক মণ্ডলী আৰু অংশ গ্ৰহণ কৰা বিভিন্ন মোক্তাবৰ ইমাম সকলক উদযাপন সমিতিৰহৈ একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ ডিফু মছজিদ কমিটিৰ ফাতেহা ই দোৱাজ দহম উদযাপন সমিতিৰ হৈ উদযাপন কৰা কাৰ্যসূচীত আজিৰ পুৱাৰ ভাগত ডিফু মছজিদ সমিতিৰ ইমাম আলহাজ মৌলানা গিয়াছ উদ্দিন কাছিমীৰ সামূহিক মাঙ্গলিক দোৱাৰে কাৰ্যসূচী আৰম্ভ হয়৷
আজিৰ কাৰ্যক্ৰমণিকা অনুসৰি বিভিন্ন মোক্তাব আৰু ঘৰুৱা প্ৰশিক্ষিত ছাত্ৰ-ছাত্ৰীৰ মাজত কেৰাণ পাঠ, জানাজা নামাজ, আজান, কোৰাণ পাঠ, মুৰ্দাৰ গোছল, গজল আৰু ইছলামিক কুইজ আকষ্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ প্ৰতিযোগী সকলে নিজৰ অভিৰুচি অনুসৰি দক্ষ আৰু দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰি অভিভাৱক আুৰু বিচাৰক মণ্ডলীক আকৰ্ষিত কৰে৷ ডিফু মছজিদৰ অধীনস্থ মাঞ্জা, বিৰলা, পানবাৰী, শান্তিপট্টী, হৰিলাল বস্তি, ৰংনিহান পথাৰ, ডিফু মোক্তাব আৰু ঘৰুৱা বাবে প্ৰশিক্ষিত প্ৰতিযোগী সকলে কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷
ৰেকিব উদ্দিন আহমেদৰ তদাৰকত চলা বিভিন্ন প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলীৰ আসন সমূহ অলংকৃত কৰে, হাফিজুৰ ৰহমান, আলহাজ গিয়াছ উদ্দিন কাছিমী, আজিজুৰ ৰহমান আৰু তালাহ চৌধুৰীয়ে৷ কাইলৈ দেওবাৰে বিভিন্ন প্ৰতিযোগিতাৰ পিছত বঁটা বিতৰণী অনুষ্ঠানৰ সভাপতিত্ব কৰিব ডিফু মছজিদৰ সাধাৰণ সম্পাদক তথা ফাতেহা ই দোৱাজ দহম উদযাপন সমিতিৰ আহ্বায়ক মজাহাৰুল ইছলামে৷ মুখ্য অতিথি হিচাপে থাকিব ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক শেখ আব্দুল মজিদ, সম্মানীয় অতিথি আলহাজ তাজ উদ্দিন আলী আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মৌলানা মাহমুদ আলী ক্বাছিমী৷