আঢ়ৈ দশক পিছত গান্ধী পৰিয়ালৰ বাহিৰৰ কোনোবা এজন সভাপতি হ’ল কংগ্রেছৰ। বিপুল ব্যৱধানত জয়ী হৈ সভাপতিৰ পদ দখল ছোনিয়া-অনুগত মল্লিকাৰ্জুন খাৰ্গে। ভোটৰ ব্যৱধানত খাৰ্গেতকৈ বহুখিনি পিছত থাকে শশী থাৰুৰ।
ভোটদান হোৱা মুঠ ৯৩৮৫ টা ভোটৰ ভিতৰত মল্লিকার্জুনে লাভ কৰে ৭৮৯৭ টা ভোট। শশীয়ে লাভ কৰে মাত্র ১০৭২ টা ভোট। বাতিল হয় ৪১৬ টা ভোট। কংগ্রেছৰ চেণ্ট্ৰেল ইলেকচন অথৰিটিৰ (চিইএ) তথ্য মতে, দেশত মুঠ ভোটগ্রহণ কেন্দ্র আছিল ৩৬ টা। বুথৰ সংখ্যা ৬৭। প্রতি ২০০ ভোটাৰৰ বিপৰীতে এটাকৈ বুথ নির্ধাৰিত কৰা হয়।
‘ভাৰত জোড়ো’ যাত্রাৰ কাৰণে কৰ্ণাটকৰ বল্লাৰিৰ ছাঙ্গানাকাল্লুৰ শিবিত ভোটদান কৰে ৰাহুল গান্ধীয়ে। সভাপতি নির্বাচনৰ বাবে গোপন বেলটত হয় ভোটগ্রহণ। প্রথমবাৰৰ বাবে ভোটদাতাসকলৰ কিউআৰ কোডসহ পৰিচয় পত্র দিয়ে চিইএয়ে। পৰিচয় পত্র অবিহনে ভোট দিব নোৱাৰে। ভোট গ্রহণৰ বাবে ৯৪৩ জন ৰিটার্নিং বিষয়াও নিয়োগ কৰে কংগ্রেছে।