![]()
সোমবাৰে পুৱাৰে পৰা প্ৰায় ৯ ঘণ্টা ধৰি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ ছিছোদিয়াক সোধা-পোছা কৰি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ কাৰ্যালয়ৰ পৰা নিশা মুকলি কৰি দিয়া হয়।আবকাৰী দুৰ্নীতিত অভিযুক্ত মনীষলৈ চিবিআইয়ে চমন প্ৰেৰণ কৰি তেওঁলোকৰ কাৰ্যালয়লৈ মাতে।
আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ প্ৰধান অৰবিন্দ কেজৰিৱালে এই বিষয়ত কেন্দ্ৰৰ বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াক গুজৰাট নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰা হয়।
অৱশ্যে সোমবাৰে মনীষ গ্ৰেপ্তাৰ হʼব পাৰে বুলি সন্দেহ ব্যক্ত কৰা হৈছিল যদিও অৱশেষত সেয়া নহ’ল। কেজৰিয়ে ভাবুকি দিছিল, “মই জে’লৰ তলা ভাঙি ছিছোদিয়াক মুক্ত কৰিম।” দ্বিতীয় ৰাউণ্ডৰ সোধা-পোছাৰ অন্তত মনীষ চিবিআইৰ কাৰ্যালয়ৰ পৰা মুক্ত হৈ ওলাই আহে।
উল্লেখ্য, মনীষৰ নাম আবকাৰী দুৰ্নীতিৰ লগত জড়িত হোৱাৰ পিছত যোৱা আগষ্ট মাহত চিবিআইয়ে দিল্লীত থকা বাসগৃহত তালাচী চলায়। দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাৰ পৰা সেউজ সংকেত লাভ কৰাৰ পিছতে চিবিআইয়ে এই পদক্ষেপ গ্ৰহণ কৰে।
অৱশ্যে দুৰ্নীতিৰ লগত জড়িত থকাৰ অভিযোগ অস্বীকাৰ কৰিছে মনীষ ছিছোদিয়াই। তেওঁৰ বাসগৃহত তালাচী বা বেংকৰ লকাৰত তালাচী চলাই একোৱেই পোৱা নগʼল। মনীষেও এই বিষয়ে দাবী কৰে, “গুজৰাট নিৰ্বাচনত প্ৰচাৰ চলোৱাত বাধা দিবলৈ (চিবিআই) মোক জে’ললৈ পঠিয়াব বিচাৰিছে। কিন্তু মই ইডি, চিবিআইক ভয় নকৰো।”










