ASSAM TIMES POST
ডিফু : যোৱা ৫ নৱেম্বৰত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৩৫ সংখ্যক অধিবেশনত সংবিধানৰ অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণকলৈ প্ৰস্তাব গ্ৰহণটো তুলিৰাম ৰংহাঙ নেতৃত্বাধীন কাৰবি আংলং স্বায়ত্ত পৰিষদৰ এক নাটক আখ্যা এইছএছডিচিৰ সাধাৰণ সম্পাদক লাইচান ইংলেঙে ৷ আজি দুপৰীয়া এইছএছডিচি, কেএনচিএ, আৰু কেএছএৰ যৌথ উদ্যোগত ডিফু লামডিঙ পথৰ কেএছএৰ কেএছএৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি এই মন্তব্য আগবঢ়ায় ইংলেঙে ৷
বিগত ৩৫ বছৰে সংবিধানৰ ষষ্ঠ অনুসূচীত জাতিৰ বাবে থকা অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণৰ জৰিয়তে এখন স্বায়ত্ত ৰাজ্যৰ বাবে আন্দোলন কৰি অহাৰ পিছত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ নেতৃত্বই নিৰ্বাচনী প্ৰচাৰ সভাত দুই পাৰ্বত্য জিলাক স্বায়ত্ত ৰাজ্যৰ মৰ্যদা দিয়াৰ আশ্বাস প্ৰদান কৰাৰ পিছত গাদী দখল কৰিয়ে বিষয়টোলৈ ওলোটা পাক মাৰি চৰম প্ৰতাৰণা কৰে ৷ ইয়াৰ মাজতে তুলিৰাম ৰংহাঙ নেতৃত্বাধীন কাৰবি আংলং স্বায়ত্ব পৰিষদে ইমান দিনে পাৰ্বত্য ৰাইজক বিষয়টোলৈ অন্ধকাৰত ৰাখি পৰিষদৰ ২৩৫ সংখ্যক অধিবেশনত ২৪৪(ক) ৰূপায়ণক লৈ প্ৰস্তাব গ্ৰহণ কৰা হাস্যকৰ আৰু নাটক আখ্যা দিয়ে নেতা গৰাকীয়ে ৷ স্বায়ত্ত ৰাজ্যলৈ চৰকাৰৰ কোনো নিৰ্দিষ্ট এজেণ্ডা নথকাৰ পিছতো কেনেকৈ মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালৰ পৰা এনঅ’চি আদায় কৰিব বুলি প্ৰশ্ন কৰে ৷ আনহাতে চৰকাৰে ষষ্ঠ অনুসুচীৰ আওতাৰ ভিতৰত থকা বিষয় সমূহো বিপদাপন্ন কৰি ষষ্ঠ অনুসূচীৰ ক্ষমতা সমুহ কাঢ়ি নি জিলা দুখনত পঞ্চায়তী ৰাজ জাঁপি দিব বিচাৰিছে যিটো কোনো পধ্যে মানি লোৱা নহ’ব ৷
প্ৰাথমিক শিক্ষাত ষষ্ঠ অনুসুচীৰ অধিকাৰ থকাৰ পিছতো অসমৰ আৰ্হিত টেট অনুষ্ঠিত কৰাও দূৰ্ভাগ্যজনক ৷ কাৰবি আংলং স্বায়ত্ত পৰিষদক টেট অনুষ্ঠিত কৰাৰ দাবী জনোৱাৰ লগতে ২৪৪(ক) ৰূপায়ণক লৈ এইছএছডিচি, কেএনচি আৰু কেএছএক চৰকাৰে ত্ৰিপাক্ষিক আলোচনালৈ আমন্ত্ৰণ কৰিবলৈ আহ্বান জনায় ৷ এনআৰচিৰ পৰা বাদ পৰা জিলাখনৰ খিলঞ্জীয়া লোক সকলক সোণকালে নাম অন্তৰ্ভূক্তি কৰাৰ লগতে গ্ৰেটাৰ নাগালিমৰ নামত যাতে কাৰবি আংলং আৰু ডিমা হাচাওৰ ভৌগলিক সীমাৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবে কেএনচিএৰ সভানেতৃ প্ৰতিমা ইংহিয়ে সকিয়াই দিছে ৷ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাস নেত
ত্বাধীন এনডিএ চৰকাৰ খনে জম্মু কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বাতিল কৰা ২৪৪(ক) ৰূপায়ণ নকৰা আদি সংবিধান বিৰোধী কাম কৰা বুলিও নেতৃ গৰাকীয়ে সংবাদ মেলত উল্লেখ কৰে ৷