![]()
ASSAM TIMES POST
ডিফুঃ ভয়াবহ অৰ্থনৈতিক মন্দাৱস্থা, নিবণুৱা সমস্যা, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি আৰু বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ অভিযোগলৈ বৃহস্পতি বাৰে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটীয়ে ডিফুৰ চেমছিং ইংতি মেম’ৰিয়েল পাৰ্কত এক বিশাল গণ বিক্ষোভ কাৰ্যসূচী গ্ৰহন কৰে। দেশৰ অৰ্থনীতিৰ মন্দাৱস্থা,খাদ্য সামগ্ৰীৰ অাকাশলংঘী মূল্য বৃদ্ধি, এনআৰ এল ব্যক্তিগতকৰণ আদিকে ধৰি বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত গ্ৰহন কৰে এই কাৰ্যসূচী।

কাৰ্যসূচীত প্ৰাক্তন বিধায়ককে ধৰি ভালে কেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই অংশ গ্ৰহন কৰে। সংবাদ মাধ্যমক আগত কংগ্ৰেছৰ নেতা তথা শিল্পী ছেমচন ইংতিয়ে কয় যে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশক বিশ্বৰ ধনী দেশৰ শাৰীত থিয় কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল ৷ এইবাৰ দ্বিতীয়তো কাৰ্যকালৰ বাবে দেশক ত্ৰিবিনলয়ন ডলাৰৰ দেশ কৰাৰ ঘোষণা কৰিছিল ৷
কিন্তু আজি আমাৰ জি ডি পি বাংলাদেশ আৰু নেপালন নিচিনা দেশতকৈও কম ৷ আমাৰ টকাৰ মূল্য বিশ্বত এতিয়া বিশ্বত অবনমিত হৈছে ৷ বিজেপি চৰকাৰে দেশখন আম্বানি আদানীক গতাই দিয়াৰ ব্যৱস্থা কৰিছে ৷ ৮৫৫ গৰাকী শ্বহীদৰ জীৱনৰ বিনিময়ত লাভ কৰা নুমলীগড় শোধনাগাৰ আজি ব্যক্তিগত খণ্ডত দিয়াৰ যোজা চলিছে ৷ বি এচ এন এল , ৰেলৱে , এয়াৰ পৰ্ট দিলে ব্যক্তিগত খণ্ডক ৷ আনহাতে সাধাৰন সম্পাদক অশোক টেৰণে কয় যে বিকাশ কৰা ডিফুত এজাক বৰষুণত বানপানী হয় ৷ সাধাৰন মানুহে আজি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ পৰা একো নাপায় ৷ কাৰণ চি ই এম, ই এম সকল ঠিকাদাৰ ৷ বৰ্তমান পৰিষদ গভীৰ আৰ্থিক সংকতত আছে ৷ এইখন পৰিষদে ষষ্ঠ অনুসুচীৰ ক্ষমতা জালাঞ্জলী দিছে বুলি তেওঁ অভিযোগ কৰে ৷












