ASSAM TIMES POST
ডিফুঃ আজি একাধিক ছাত্ৰ সংগঠনে কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ নাতি দূৰৈৰ ধনশিৰি এলেকাৰ বিভিন্ন সমস্যাক লৈ ৰাজপথলৈ ওলাই আহে ৷ বিজেপি চৰকাৰে বিকাশৰ শ্লগান দি আহিছে যদিও এতিয়া ৰাজ্যৰ বিভিন্ন এলেকাৰ ৰাইজে বিনাশৰ বিৰোধে ৰাজপথত নামিবলৈ বাধ্য হৈছে ৷
অসম-নগালেণ্ড সীমান্তৰ কাৰবি আংলং জিলাৰ ধনশিৰি এলেকাৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ আজি ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰোধে প্ৰতিবাদত নামিল ৷ ৰাস্তা নিৰ্মাণ , চিকিৎসাক নিযুক্তি , বিজুলী যোগানৰ দাবীত আজি ৰাইজে প্ৰতিবাদ কৰে ৷ বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে বিদ্যুতৰ অভাবত মম জ্বলাই পঢ়া যন্ত্ৰণাৰ কথা কোৱাৰ লগতে পথৰ দুৰৱস্থাৰ বাবে সময়ত বিদ্যালয় নোপোৱা বুলি দুখ কৰে ৷
আনহাতে এগৰাকী আয়ুবেদিক চিকিৎসাকেৰে বছৰ বছৰ ধৰি চলি আছে ধনশিৰি চিকিৎসালয় ৷ নাই এম্বুলেন্স ৷ পথৰ দুৰৱস্থাই ৰোগীক দিয়া যন্ত্ৰণা কথা কয় আডছু , আছা আৰু নেপালী ছাত্ৰ সন্হাৰ নেতৃত্বই ৷ এমাহৰ ভিতৰত কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদ আৰু অসম চৰকাৰে ব্যৱস্থা নললে অধিক আন্দোলনৰ কাৰ্যসূচী ল’ব বুলি স্পষ্ট কৰে৷