ৰাজনৈতিক দলৰ বৰঙণিৰ পৰা কʼলা ধন নিৰ্মূল কৰি নিৰ্বাচনী বণ্ডে ৰাজনীতিত স্বচ্ছতা আনিছে বুলি কৈ মোদী চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে।
মোদীৰ দিনত আৰম্ভ হোৱা নিৰ্বাচনী বণ্ডৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা ধাৰাবাহিক গোচৰত অভিযোগ কৰা হৈছিল যে কৰ্পৰেট প্ৰতিষ্ঠানসমূহে নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহক গোপনে ৰাজসাহায্য প্ৰদান কৰি আহিছে নিৰ্বাচনী বণ্ডৰ জৰিয়তে। বিজেপিৰ পুঁজিলৈ গৈ আছে সিংহভাগ টকা।
ফলত কৰ্পৰেট সংগঠনসমূহে কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহক প্ৰভাৱিত কৰাৰ চেষ্টা চলাইছে। ভাৰতীয় শাখাসমূহৰ সহায়ত বিদেশী সংগঠনসমূহে এই দেশৰ ৰাজনৈতিক দলসমূহক অনুদান দি নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ পথ মুকলি কৰিছে।
চাৰি বছৰতকৈ অধিক সময় ধৰি গোচৰ চলি থকাৰ পাছতো আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাৱৈ আৰু ন্যায়াধীশ বি ভি নাগৰতনৰ বিচাৰপীঠে কয় যে ৬ ডিচেম্বৰত এই গোচৰসমূহ বৃহত্তৰ সাংবিধানিকলৈ প্ৰেৰণ কৰিব লাগেনে নাই সেই সন্দৰ্ভত শুনানি অনুষ্ঠিত হʼব। এই ক্ষেত্ৰত এটৰ্নী জেনেৰেল আৰু ছলিচিটৰ জেনেৰেলৰ পৰাও সহায় বিচাৰিছে।
আজি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই নিৰ্বাচনী বণ্ডৰ সপক্ষে যুক্তি দি কয় যে নিৰ্বাচনী বণ্ডে গণতন্ত্ৰক আঘাত কৰে বুলি অভিযোগ উত্থাপন কৰাৰ কোনো ভিত্তি নাই। নিৰ্বাচনী বণ্ড ইমানেই স্বচ্ছ ব্যৱস্থা যে এতিয়া কʼলা ধন বা হিচাপবিহীন আয় প্ৰৱেশ কৰাটো কঠিন হৈ পৰিছে।
২০১৭ চনৰ ধন বিধেয়কৰ জৰিয়তে আইন প্ৰণয়নৰ এটা গোট সংশোধনী আনি ২০১৮ চনৰ পৰা মোদী চৰকাৰে প্ৰৱৰ্তন কৰিলে নিৰ্বাচনী বণ্ড। এই ব্যৱস্থাত কোনোবাই যদি কোনো ৰাজনৈতিক দললৈ দান দিব বিচাৰে তেন্তে তেওঁ চৰকাৰী বেংকত টকা দি বণ্ড কিনি ৰাজনৈতিক দলসমূহক দান কৰিব। ফলত চৰকাৰে দাবী কৰিছে যে কোনে কিমান টকা আগবঢ়াইছে সেয়া বুজিবলৈ টান।
কিন্তু আনফালে অভিযোগ হৈছে যে ১০ লাখ আৰু ১ কোটি টকাৰ বণ্ড ক্ৰয় কৰা হৈছে। যাৰ পৰা স্পষ্ট হৈ পৰিছে যে কৰ্পৰেট সংগঠনসমূহে ৰাজনৈতিক দলসমূহক দান দি সুবিধা বিচাৰিছে। এডিআৰ (এছোচিয়েছন ফৰ ডেমোক্ৰেটিক ৰিফৰ্মছ) আৰু চিপিএমৰ দৰে কেইবাটাও বেচৰকাৰী চকীদাৰ সংগঠনে উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে গোচৰ তৰিছিল।
গুজৰাট আৰু হিমাচলৰ নিৰ্বাচনৰ পূৰ্বে গোচৰৰ শুনানি বিচাৰিলে বিবাদকাৰীয়ে। কাৰণ গুজৰাট, হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত পুনৰ মুকলি হৈছে বণ্ড। কিন্তু ন্যায়াধীশসকল একমত নহʼল। ইতিমধ্যে ১৮ মাহৰ পিছত এই গোচৰৰ শুনানি হৈছিল। ডিচেম্বৰত আন এক সাংবিধানিক বিচাৰপীঠৰ শুনানিত এই গোচৰৰ শুনানি হʼব নে নহয় তাক লৈ সন্দেহৰ সৃষ্টি হৈছে।
বিৰোধীয়ে অনুভৱ কৰে যে যদিহে হিজাবৰ বিতৰ্কত আদালতত জয়ী হয় তেন্তে বিজেপিৰ বাবে মেৰুকৰণ কৰাটো লাভজনক হʼব, একেদৰে নিৰ্বাচনী বণ্ডৰ গোচৰত পলম হʼলেও বিজেপিয়ে লাভৱান হʼব৷ কাৰণ সিংহভাগ বিজেপিৰ পুঁজিলৈ গৈ আছে। যদিও গোচৰটো বিচাৰাধীন হৈ আছে, তথাপিও উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডৰ ওপৰত স্থগিতাদেশ জাৰি কৰিবলৈ সন্মত হোৱা নাই।