গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজীত আৰক্ষীয়ে স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ১০ অক্টোবৰ তাৰিখে এগৰাকী মহিলাক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰিছিল আৰু মহিলাগৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল। দ্বিতীয়দিনা মহিলাগৰাকীয়ে গৌৰীপুৰ থানাত উপস্থিত হৈ তেওঁৰ লগত দলবদ্ধ ধৰ্ষণৰ কথা ব্যক্ত কৰে।
গৌৰীসাগৰ আৰক্ষীয়ে মহিলাগৰাকীৰ তথ্যৰ ভিত্তিত ইতিমধ্যে ৫ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি দুৱৰীয়ে জানিবলৈ দিয়া মতে, যোৱা ১০ অক্টোবৰত মহিলাগৰাকীক গৌৰীসাগৰৰ ইমৰান হুছেইন ওৰফে মাইনা নামৰ যুৱকজনে নিশা ভোজ খোৱাৰ প্ৰলোভনেৰে জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জি জি এছ চাৰিআলিৰ ৰাতুল দাস নামৰ এজন ব্যক্তিৰ বাসগৃহলৈ লৈ যায়।
তাৰ পিছতে মহিলাগৰাকীক ইমৰান হুছেইন, ৰাতুল দাস ,অচিন্ত্য গায়ন, প্ৰশান্ত গায়ন আৰু ধীৰেন দাস ওৰফে নিগনি নামৰ যুৱককেইজনে ধৰ্ষণ কৰে। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে উক্ত পাঁচটা ধৰ্ষণকাৰীক 118/2022 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ অধীনত 376D ধাৰাত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে আৰু অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।