ডিটেনছন কেম্পে অসমত মানৱাধিকাৰ উলংঘন কৰিছেঃ চিপি আইএমএল
ASSAM TIMES POST
ডিফুঃ অসমত অবৈধ বাংলাদেশীক বন্দী কৰি ৰাখিবৰ বাবে ৰাজ্য চৰকাৰে স্থাপন কৰা ডিটেনছন কেম্প সমূহত বন্দীৰ কুৰিৰো অধিক নিৰীহৰ মৃত্যুৱে কেম্প সমূহ নৰকলৈ পৰ্যবসিত হোৱাৰ লগতে উচ্চ হাৰত মানৱাধিকাৰ উলংঘন হৈছে বুলি অভিযোগ কৰিছে চিপিআই(এমএল) হিলছ পাৰ্টীয়ে ৷
আজি ডিফু ছেমছনছিং মেম’ৰিয়েল পাৰ্কৰ সম্মূখত চিপিআই (এমএল) হিলছ পাৰ্টী আৰু ইয়াৰ ভাতৃ সংগঠন সমূহে বিভিন্ন দাবীলৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদ কাৰী সকলে ডিটেনছন কেম্প বন্ধ কৰক, নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিল কৰক, কাৰবি আংলঙ, ডিমা হাছাওত পঞ্চায়তী ৰাজ ব্যৱস্থা নচলিব, ষষ্ঠ অনুসূচীৰ ২৪৪(ক) ৰূপায়ণ কৰক অদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
চিপিআই (এম এল) হিলছ পাৰ্টীৰ সাধাৰণ সম্পাদক ৰবি কুমাৰ ফাংছ’ৱে কয় যে, অসমৰ ডিটেনছন কেম্প সমূহত ইতিমধ্যে ২৭ জন নিৰিহ লোকে বিদেশীৰ অপবাদলৈ মৃত্যু বৰণ কৰিব লগীয়া হোৱাটো ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷
আগন্তুক শীতকালীন অধিবেশনত কেন্দ্ৰীয় চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইনত পৰিণত কৰিবলৈ উঠি পৰি লাগিছে ইয়াৰ বাবে চিপিআই (এমএল)য়ে বিৰোধিতা কৰি যাব৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰীয়ে অসমত এনআৰচি সম্পূৰ্ণ নকৰাকৈ সমগ্ৰ দেশত এনআৰচি কৰিবলৈ প্ৰস্তুতি চলোৱা হাস্যকৰ বুলি মন্তব্য কৰে ৰবি কুমাৰ ফাংছ’ৱে৷
আনহাতে কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্ত কৰি ৰাজ্যৰ মৰ্যদা কাঢ়ি লোৱাৰ দৰে দুই পাৰ্বত্য জিলাৰ সংবিধান প্ৰদত্ত দাবী ২৪৪(ক)ৰ বিলুপ্ত ঘটাব বুলি চিপিআই (এম এল) হিলছ পাৰ্টীৰ সাধাৰণ সম্পাদক গৰাকীয়ে আশংকা প্ৰকাশ কৰিছে৷ আনহাতে ষষ্ঠ অনুসূচী এলেকাত ভিলেজ কাউঞ্চিল স্থাপনৰ বিপৰীতে ইয়াৰ সম্পূৰ্ণ অপৰিপন্থী পঞ্চায়তী ৰাজ পাৰ্বত্য জিলা দুখনত জাপি দিব বিচৰাটোও দূৰ্ঘোৰ অন্যায় বুলি অভিযোগ কৰে চিপিআই(এমএল)ৰ শীৰ্ষ নেতা গৰাকীয়ে৷