নগৰবেৰাৰ পৰা অপহৃত এগৰাকী নাবালিকাক তামিলনাডুৰ পৰা উভতাই আনিবলৈ সক্ষম হ’ল নগৰবেৰা আৰক্ষী। কিছুদিন পূৰ্বে, ভখুৰাদিয়া অঞ্চলৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰে আশ্চাদ আলীৰ পুত্ৰ আব্দুচ ওৱাহাবে।
অপহৰণৰ পৰৱৰ্তী ১২ ছেপ্টেম্বৰ তাৰিখে এই ঘটনা সন্দৰ্ভত জাৰি কৰা এজাহাৰৰ ভিত্তিত আৰক্ষী থানাৰ উপপৰিদৰ্শক(প) শিশিৰ কুমাৰ বসুমতাৰী, নায়ক নৱ ৰাভাৰ লগতে মহিলা আৰক্ষী কনিষ্টবল ৰোজ মেৰী টিগা তামিলনাডুলৈ গৈ কাৰখানাত কৰ্মৰত অৱস্থাত নাবালিকা গৰাকীক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত অপৰহৰণকাৰী ওৱাহাবক আটক কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, শনিবাৰে অপহৃতা ছাত্ৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে জি এম এইচ’লৈ প্ৰেৰণ কৰা হৈছে। লগতে, অপহৰণকাৰী আব্দুল ওৱাহাবক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।