![]()
দুসপ্তাহমান পূৰ্বে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাত এইবাৰ দেখা গʼল গুজৰাটৰ আহমেদাবাদৰ অটোচালকজনক।
বিজেপিৰ সভাত গেৰুৱা টুপী পিন্ধি উপস্থিত হোৱা অটোচালক বিক্ৰম দন্তানীয়ে কয় যে অটো ইউনিয়নৰ নেতাই জোৰ কৰাত কেজৰিক নিজৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰিবলৈ মাতিবলগা হৈছিল। আচলতে তেওঁ বিজেপিৰ সমৰ্থক আৰু নৰেন্দ্ৰ মোদীৰ অনুৰাগী। উল্লেখ্য, আগন্তুক বিধানসভা নিৰ্বাচন গুজৰাটত।
সেইবাবেই মোদী দুদিনীয়া ভ্ৰমণলৈ গৈছিল তেওঁৰ ৰাজ্যলৈ। শুকুৰবাৰে আহমেদাবাদৰ থালটেজ অঞ্চলত তেওঁৰ এক ৰেলী আছিল। তাতেই অটোচালক বিক্ৰমে কেজৰিক নৈশ আহাৰ খাবলৈ নিমন্ত্ৰণ কৰা দেখা গৈছিল। কিন্তু মোদীৰ জনসভাত তেওঁক দেখি সাংবাদিকসকলে তেওঁক ঘেৰি ধৰি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে।
ইয়াৰ পিছতে বিক্ৰমে কয়, “কেন্দ্ৰীয় নেতাসকলে কোৱাৰ বাবেই মই কেজৰিৱালক আমন্ত্ৰণ জনাইছিলো। কেজৰিৱালেও সন্মতি দিলে। ইমান ডাঙৰ কথা হৈ পৰিব পাৰে বুলি মই গম পোৱা নাছিলো। মই কোনো ধৰণে আপৰ লগত জড়িত নহয়। উক্ত ঘটনাৰ পিছত মই কোনো আপ নেতাৰ সৈতে যোগাযোগ কৰা নাছিলো।”
বিক্ৰমে কয় যে তেওঁ প্ৰধানমন্ত্ৰীৰ ডাঙৰ সমৰ্থক। তেওঁৰ ভাষাত, “মই মোদীজীৰ ডাঙৰ অনুৰাগী। সেয়ে জনসভালৈ আহিলোঁ। মই আৰম্ভণিৰে পৰা বিজেপি। মই সদায় বিজেপিক ভোট দি আহিছো।”










