![]()
অসম-মিজোৰাম সীমান্তৱৰ্তী কাছাৰৰ ধোলাই অঞ্চলৰ পৰা ১৮০ কোটি টকাৰ য়াবা টেবলেট জব্দ। মঙলবাৰে কাছাৰ আৰক্ষীয়ে জব্দ কৰে এই নিষিদ্ধ নিচাযুক্ত সমগ্ৰীখিনি। এক বিশেষ তথ্যৰ ভিত্তিত আৰক্ষীয়ে এখন ছুমো অনুসৰণ কৰি গাড়ীখনৰ পৰা জব্দ কৰে নিচাযুক্ত টেবলেটখিনি।
গাড়ীখনত এগৰাকী মহিলা আৰু এগৰাকী শিশুকে ধৰি ৬ গৰাকী যাত্ৰী আছিল। এই সন্দৰ্ভত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহটোৱে সংবাদ মাধ্যমক জনোৱা মতে, টেবলেটখিনি ছুমোখনৰ এটা গোপন চেম্বাৰত ভৰাই থোৱা আছিল।
তেওঁ উল্লেখ কৰা মতে, গাড়ীখনৰ পৰা ৪ লাখ য়াবা টেবলেট ইতিমধ্যে জব্দ হৈছে। আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত এই টেবলেটখিনিৰ মূল্য প্ৰায় ১৬০ লাখ টকা। উল্লেখ্য, ইমান বিপুল পৰিমাণৰ য়াবা টেবলেট এই পৰ্যন্ত বৰাক উপত্যকাৰ কোনো ঠাইৰ পৰা উদ্ধাৰ হোৱা নাই।
আৰক্ষীৰ তথ্য মতে, ছুমোখন শোণিতপুৰ জিলাৰ পঞ্জীয়নভুক্ত। আৰক্ষীয়ে আটক কৰা ৬ জন যাত্ৰীৰ আটাইকেইজনেই মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে মিজোৰামৰ পৰা অহা ছুমোখন গুৱাহাটীলৈ যোৱাৰ পথত আছিল। উক্ত ঘটনাৰ সবিশেষ তদন্ত চলি আছে বুলিও তেওঁ লগতে জনায়।













