![]()
ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ পদাংক অনুসৰণ কৰি আজি ছত্তীশগড় কংগ্ৰেছেও ৰাহুল গান্ধীক কংগ্ৰেছৰ সভাপতিৰ বাবে প্ৰস্তাৱ গৃহীত কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলে কয়, “ৰাহুল গান্ধীয়ে নিজকে পুনৰ বিবেচনা কৰা উচিত। আশাকৰোঁ সমগ্ৰ দেশৰ কংগ্ৰেছ নেতাসকলে কৰ্মীসকলৰ আৱেগক মনত ৰাখি ৰাহুলজী কংগ্ৰেছৰ সভাপতি হʼবলৈ সন্মত হʼব।”
উল্লেখ্য, ৰাহুল গান্ধীয়ে অৱশ্যে ইতিমধ্যে দলীয় নেতাসকলক অৱগত কৰিছে যে তেওঁ পুনৰ সভাপতি পদলৈ নাহে। এনে অৱস্থাত গান্ধী পৰিয়ালে কংগ্ৰেছৰ সভাপতি পদটো ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ হাতত অৰ্পণ কৰিব বিচাৰিছে।
গান্ধী পৰিয়ালৰ অনুগামীসকলে বিচাৰে নতুন সভাপতিৰ সিদ্ধান্ত নিৰ্বাচনৰ ভিত্তিত নহয়, একমতৰ ভিত্তিত হওক।
কংগ্ৰেছৰ সূত্ৰ অনুসৰি, ৰাহুলক কংগ্ৰেছৰ সভাপতি হিচাপে কোৱা প্ৰস্তাৱ গৃহীত কৰাৰ লগত গেহলট কংগ্ৰেছৰ সভাপতি হোৱা বা নহোৱাৰ কোনো সম্পৰ্ক নাই।
অহা সপ্তাহৰ পৰা আৰম্ভ হʼব কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া। ইয়াৰ পূৰ্বে প্ৰায়বোৰ ৰাজ্যতে ৰাহুলক কংগ্ৰেছৰ সভাপতি পদৰ বাবে অনুৰোধ কৰি ৰাজ্যিক কংগ্ৰেছ কমিটিত গৃহীত হʼব এই প্ৰস্তাৱ। ৰাহুলে নিজে সভাপতি নহʼব বুলি ঘোষণা কৰিলেও দলৰ নেতা-কৰ্মীৰ প্ৰথম পছন্দৰ বাৰ্তা দিয়া হʼব। উল্লেখ্য, যোৱা শনিবাৰে জয়পুৰত অনুষ্ঠিত হৈছিল ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ বৈঠক।
কংগ্ৰেছ হাইকমাণ্ডৰ অলিখিত নিৰ্দেশমৰ্মে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি নিযুক্তিৰ ক্ষমতা নতুন কংগ্ৰেছ সভাপতিক অৰ্পণ কৰাৰ প্ৰস্তাৱ গৃহীত হয়। একে সময়তে অশোক গেহলটৰ নেতৃত্বত ৰাহুল গান্ধীক কংগ্ৰেছৰ সভাপতি বনোৱাৰ সপক্ষে এটা প্ৰস্তাৱো গৃহীত হৈছিল। গেহলটে নিজেই কৈছে যে তেওঁ ৰাহুল দলৰ সভাপতি হোৱাটো বিচাৰে। একেদৰে আজি ছত্তীশগড়তো ৰাহুলৰ বাবে প্ৰস্তাৱ গৃহীত হয়।











