![]()
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। বহিঃৰাষ্ট্ৰৰ পৰা শুভেচ্ছাৰ সোঁত বৈছে। ১৬ ছেপ্টেম্বৰ শুকুৰবাৰে মোদীয়ে উজবেকিস্তানৰ ছমৰকন্দত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে। কিন্তু পুটিনে মোদীক জন্মদিনৰ শুভেচ্ছা নজনালে। দুয়োগৰাকী ৰাষ্ট্ৰনেতাৰ মাজৰ সম্পৰ্ক যথেষ্ট ভাল। কিন্তু কিয় এনেকুৱা হʼল?
শুকুৰবাৰে দ্বিপাক্ষিক বৈঠকৰ অন্তত পুটিনে কয়, “মই ভাৰতলৈ শুভকামনা জনাব বিচাৰিছো। মোৰ বন্ধু, মই জানো যে কাইলৈ আপুনি আপোনাৰ জন্মদিন উদযাপন কৰিব। ৰাছিয়াৰ ৰীতি-নীতি অনুসৰি আমি কেতিয়াও আগতীয়াকৈ জন্মদিনৰ শুভেচ্ছা নজনাও। সেইবাবেই আজি মই আপোনাক জন্মদিনৰ শুভেচ্ছা জনাব নোৱাৰিলোঁ।”
পুটিনে লগতে কয়, “কিন্তু মই আপোনাক জনাব বিচাৰিছো যে আমি জন্মদিনৰ বিষয়ে জানো। আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি আমাৰ বন্ধু ভাৰতক শুভেচ্ছা জনাইছো। মই বিচাৰো আপোনাৰ নেতৃত্বত ভাৰতে অগ্ৰগতি লাভ কৰক।”
উল্লেখ্য, আজি মোদীৰ বয়স ৭২ বছৰ হʼল। তেওঁৰ সৈতে পুটিনৰ সম্পৰ্ক অজ্ঞাত নহয়। ইউক্ৰেইন যুদ্ধৰ সময়ত মোদীয়ে তেওঁক ফোন কৰি কৈছিল, এই যুগ যুদ্ধৰ নহয়, শান্তিৰ।










