ASSAM TIMES POST
নতুন দিল্লীঃ বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিল্লীকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত। সেয়ে ইয়াত বসবাস কৰা ৪০ শতাংশ লোকে আন ঠাইলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছ। শেহতীয়াকৈ, অনলাইন প্লেটফৰ্ম ‘লোকেল চাৰ্কল’এ চলোৱা এটি সমীক্ষাত এই কথা পোহৰলৈ আহিছে।

সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি, বৰ্তমান সময়ত ইয়াত যি হাৰত বায়ু প্ৰদূষণ হৈ আছে, তাৰ বাবে ১৬ শতাংশ লোকে দীঘলীয়া ভ্ৰমণলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ১৭ হাজাৰ লোকৰ মাজত চলোৱা সমীক্ষাটোত এই তথ্যও প্ৰকাশ পাইছে যে বায়ু প্ৰদূষণ সত্বেও ইয়াৰ ১৩ শতাংশ লোক অন্য ঠাইলৈ উঠি যাবলৈ কোনো উপায় নাই। ইফালে বাকী থকা ৩১ শতাংশ লোকে বায়ু পৰিশোধক, মাস্ক আদি ব্যৱহাৰ কৰি কোনোমতে ইয়াতে আছ।












