![]()
গুৱাহাটী মহানগৰীৰ ছয় মাইলত ট্রেফিক চিগনেলৰ পোষ্ট ভাঙি পলায়ন কৰা ধৃত ডাম্পাৰ চালকক আটক। চিচিটিভি ফুটেজৰ ভিত্তিত দিছপুৰ আৰক্ষী যান-বাহন শাখাই আটক কৰে চালক ৰমজুল আলিক। মহানগৰীত প্ৰায় ৮০কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিছিল এই অত্যাধুনিক ট্ৰেফিক ছিগনেল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা ১০দিন নহৌতেই মহতীয়া ভাঙে এই খুটাটো।

তাপৰ্যপূৰ্ণ কথা যোৱা নিশা উদণ্ড ডাম্পাৰ চালকে এই খুটাটো ভাঙি পলায়ন কৰিছিল।কিন্তু তাত সংলগ্ন হৈ থকা চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে বাহনখন চিনাক্ত কৰি আটক কৰে চালক গৰাকীক।
দিছপুৰ আৰক্ষীৰ যান বাহন শাখাই ঘটনা সংঘটিত ১২ ঘণ্টাৰ ভিতৰতে আজিজ নগৰৰ পৰা আটক কৰে ধৃত চালকজনক। চালকজনৰ ঘৰ নলবাৰীৰ মুকালমুৱাত।













