![]()
পাকিস্তানৰ ভয়াৱহ বান পৰিস্থিতিক লৈ প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিবৃতি প্ৰদান কৰে। চুবুৰীয়া দেশখনত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগক লৈ তেওঁ টুইট কৰি দুখ প্ৰকাশ কৰে। লগতে তেওঁ প্ৰাৰ্থনা কৰে, চুবুৰীয়া দেশখনৰ জনজীৱন অতি সোনকালে স্বাভাৱিক হওক। কিন্তু পাকিস্তানক দিয়া সাহায্য সন্দৰ্ভত কোনো ঘোষণা কৰা নাই প্ৰধানমন্ত্ৰীয়ে।
উল্লেখ্য, বানবিধ্বস্ত পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় সহায়ৰ বাবে অনুৰোধ জনাইছে। তাত ভাৰতে প্ৰত্যুত্তৰ দিবনে নিদিয়ে সেই বিষয়ে আলোচনা চলি আছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা আৰম্ভ হৈছে। অৱশ্যে এই সাহায্য প্ৰক্ৰিয়া সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। কিন্তু অৱশেষত যদি কেন্দ্ৰই এই সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে ২০১৪ চনত মোদী চৰকাৰ শাসনলৈ অহাৰ পাছত ই হʼব পাকিস্তানৰ বাবে প্ৰথম সাহায্য।
সোমবাৰে নিশা টুইটাৰযোগে মোদীয়ে লিখে, “পাকিস্তানত বানপানীৰ ফলত হোৱা বিধ্বংসী ৰূপ দেখি মই দুখ পাইছো। এই অস্বাভাৱিক দুৰ্যোগৰ ফলত ভুক্তভোগী, আহত আৰু সকলো ক্ষতিগ্ৰস্ত পৰিয়ালবৰ্গলৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। আশাকৰোঁ শীঘ্ৰেই পৰিস্থিতি স্বাভাৱিক হৈ পৰিব।”
উল্লেখ্য, পাকিস্তানত হোৱা বানপানীত এতিয়ালৈকে প্ৰায় ১১০০ লোকৰ প্ৰাণহানি হৈছে। তিনি কোটিৰো অধিক লোক গৃহহীন হৈছে। এনে অৱস্থাত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰা সহায় বিচাৰি আবেদন কৰিছে।










